গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰী ঃ লুইতৰ বুকুত চলিব মিথানলচালিত ফেৰী৷ পোন্ধৰ শতাংশ মিথানল ডিজেলত মিহলি কৰি চলোৱা হ’ব এই ফেৰীসমূহ৷ গুৱাহাটীত আজি পৰীক্ষামূলকভাৱে এই ফেৰী সেৱা মুকলি কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে৷
এন আৰ এলৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে এই ফেৰীখন৷ এই ক্ষেত্ৰত নুমলীগড় ৰিফাইনেৰীক সহযোগ কৰিছে ইণ্ডিয়ান অইল আৰু অসম চৰকাৰে৷ পৰীক্ষামূলক এই সেৱা সফল হ’লে পৰৱৰ্তী সময়ত নিয়মীয়াকৈ ব্ৰহ্মপুত্ৰৰ বুকুত চলিব মিথানলযুক্ত ডিজেলেৰে চালিত এই ফেৰী সেৱা৷
আজি মুকলি কৰা এছ বি গংগাধৰ নামৰ এই ফেৰীখনে ৫০জন যাত্ৰী কঢ়িয়াব পাৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, নামৰূপত থকা অসম পেট্ৰকেমিকেল লিমিটেডে সম্প্ৰতি ১০০ টি পি ডি মিথানল উৎপাদন কৰি আছে যদিও অনাগত দিনত ৫০০ টি পি ডি মিথানল উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷
ইয়াৰ বাবে এটা নতুন প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে৷ অনাগত দিনত থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি কয়লাৰ পৰা মিথানল উৎপাদন কৰা উদ্যোগ স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰদূষণ ৰোধ কৰাৰ বাবে নীতি আয়োগে মিথানেল অৰ্থনীতি কাৰ্যসূচী হাতত লৈছে৷
আনহাতে অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে৷
প্ৰধানমন্ত্ৰীৰ বাবেই অঞ্চলটোৰ উন্নয়নৰ গতি ক্ষিপ্ৰ হৈছে বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে নু্মলীগড় ৰিফাইনেৰীৰ লগতে ডিগবৈ ৰিফাইনেৰীৰো ক্ষমতা বৃদ্ধিৰ কাম চলাই আছে৷
আনহাতে পেট্ৰলত প্ৰথম ইথানল মিহলি কৰি সফলতা লাভ কৰাৰ পাছত এতিয়া ডিজেলত মিথানল মিহলি কৰি ফেৰী চলোৱাৰ প্ৰচেষ্টা কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে যদিহে এই পৰীক্ষাত আমি সফল হওঁ, তেনেহ’লে দেশৰ সকলো ফেৰী মিথানলযুক্ত ডিজেলৰ দ্বাৰা চালিত হ’ব৷
প্ৰণিধানযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীজনৰ উপস্থিতিত কালি ৰাজ্য চৰকাৰ আৰু নুমলীগড় ৰিফাইনেৰীৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ উক্ত বুজাবুজি চুক্তি অনুসৰি ৰাজ্যখনত তিনিখন বাঁহ উদ্যান স্থাপন কৰা হ’ব৷
গোলাঘাট, নগাঁও আৰু শোণিতপুৰত স্থাপন কৰিবলগীয়া এই বাঁহ উদ্যানৰ প্ৰতিখনেই পাঁচ হেক্টৰকৈ ভূমি সামৰি ল’ব৷ এই উদ্যানকেইখনে আন স্থানত ৰোপণ কৰিব পৰাকৈ উন্নত মানৰ বাঁহপুলি উৎপন্ন কৰিব৷
Comments