মৰিগাঁও ঃ নিজা সংবাদদাতা, ২৪ জানুৱাৰী ঃ লোক সভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে আজি মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ৰাজনৈতিক দিশৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷
বিশেষকৈ সমাগত লোক সভাৰ নিৰ্বাচনত ৰাজ্যৰ ১২খন লোক সভাৰ আসনতেই বিজেপিৰ প্ৰাৰ্থীসকল যাতে জয়ী হ’ব পাৰে সেই সন্দৰ্ভত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত আজি কাৰ্যনিৰ্বাহক সভাই গুৰুত্ব আৰোপ কৰে৷
ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিহে ৰাজনৈতিক ৰণ-কৌশল প্ৰস্তুত কৰা হ’ব বুলি মন্তব্য কৰে৷ মৰিগাঁও চহৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি এদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বৰ্তমান আমি একেবাৰে নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত কৰা নাই৷
কিন্তু সংগঠন শক্তিশালী কৰাৰ যিটো আলোচনা তাত স্বাভাৱিকভাৱে নিৰ্বাচনো সোমাই আহে৷ এতিয়া আমি পঞ্চায়ত, লোক সভাৰ নিৰ্বাচন বুলি একেবাৰে যিটো প্ৰত্যক্ষ আলোচনা হ’ব লাগে সেইটো কৰা নাই৷ কিন্তু সাংগঠনিক আলোচনাৰ ভিতৰতে বিষয়টোৱেই স্থান পাইছে৷
আগন্তুক লোক সভাৰ নিৰ্বাচনৰ ১২ মিছন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে আগতকৈ ভাল হ’ব৷ কিন্তু এতিয়া যিহেতু লোক সভাৰ নিৰ্বাচনৰ বতাহ বলাই নাই গতিকে এতিয়া এটা সংখ্যা লৈ আগবঢ়াৰ সময় নহয়৷ ইয়াত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো সোমাই আছে৷
কোন সমষ্টিয়ে কি ৰূপ পাব আজিৰ প্ৰেক্ষাপটতে কোৱা টান৷ যদি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো হয় সমষ্টিৰ প্ৰতিচ্ছবি সলনি হ’ব আৰু যদি নহয় তেতিয়া এটা বেলেগ প্ৰতিচ্ছবি আহিব৷ গতিকে, আজিৰ দিনতেই একেবাৰে সমষ্টি কেন্দ্ৰিক আলোচনা কৰাটো প্ৰাসংগিক নহয়৷
সাধাৰণতে জনগণৰ প্ৰতিবিম্বটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দেখা পোৱা যায়৷ কিন্তু একেবাৰে ফলটোত কাৰ লাভ হ’ব, কাৰ ক্ষতি হ’ব সেইটো ক’ব নোৱাৰি৷ এই বছৰ কাৰোবাৰ লাভ হ’লে অহা বছৰ আকৌ ক্ষতি হ’ব৷
গতিকে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৱে কাৰোবাক স্থায়ীভাৱে যে লাভ কৰিব তেনে কথা একো নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বিজেপিৰ নীতি অনুসৰি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ ১৫ দিনৰ ভিতৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব লাগে৷
সেই অনুসৰি একেবাৰে বুথলৈকে কাৰ্যনিৰ্বাহক বৈঠক হ’ব লাগে৷ আজিৰ কাৰ্যনিৰ্বাহকত নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা ৰাজনৈতিক প্ৰস্তাৱ, গৰিবৰ কল্যাণৰ সন্দৰ্ভত লোৱা প্ৰস্তাৱ, জি২০ সন্দৰ্ভতলোৱা প্ৰস্তাৱ এই গোটেই প্ৰস্তাৱসমূহ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আলোচনা কৰা হৈছে৷
যাতে নতুন দিল্লীত হোৱা আলোচনাৰ প্ৰতিবিম্ব একেবাৰে বুথৰ কাৰ্যকৰ্তাসকললৈও যাব পাৰে৷ মূলতঃ সেই উদ্দেশ্যে আজি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হোৱা বুলি মন্তব্য কৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা কাৰ্যনিৰ্বাহক সভাত অসম ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱলোচন দাসকে ধৰি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে৷
Comments