গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰী ঃ গণৰাজ্য দিৱসলৈ মাজত আৰু মাত্ৰ এটা দিন৷ সমগ্ৰ দেশৰ লগতে অসমতো দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷
আনহাতে এইবাৰ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে আলফা আৰু এন এছ চি এনে গণৰাজ্য দিৱস বৰ্জন আৰু ১৮ ঘণ্টীয়া বন্ধৰ আহবান কৰিছে৷
ৰাজ্যত গণৰাজ্য দিৱসৰ আগে-পিছে বিদ্ৰোহী সংগঠনৰ সম্ভাব্য কূটাঘাত ৰোধ কৰিবৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উল্লেখযোগ্য যে সমাগত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদ্যাপনৰ বাবে ৰাজ্যৰ জিলাই িজলাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷
প্ৰতিখন জিলাতে ইতিমধ্যে পেৰেড গ্ৰাউণ্ডসমূহ নিৰাপত্তা বাহিনীৰ অধীনলৈ নিয়া হৈছে৷ আনহাতে প্ৰতিখন জিলাতে পতাকা উত্তোলন কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলক দায়িত্ব অৰ্পণ কৰা হৈছে৷ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে পুৱা পতাকা উত্তোলন কৰিব৷
পতাকা উত্তোলনৰ পাছত হ’বলগীয়া কুচকাৱাজত এইবাৰ বিভিন্ন বাহিনীৰ ১২টা প্লাটুনে অংশগ্ৰহণ কৰিব৷ আনহাতে গণৰাজ্য দিৱসৰ সময়ত ৰাজ্যত উগ্ৰপন্থীয়ে কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি চোৰাংচোৱা বাহিনীৰ পৰা তথ্য লাভ কৰাৰ পাছত অসম আৰক্ষীয়ে কূটাঘাত প্ৰতিৰোধ কৰিবৰ বাবে ব্যাপক কুচকাৱাজ চলাইছে৷
আনকি খোদ আইন-শৃংখলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে উজনি অসমত বাহৰ পাতি পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে৷ কালি উজনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থাত যাতে কোনো ত্ৰুটী ৰৈ নাযায়, তাৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়৷
ৰাজ্যৰ প্ৰতিখন জিলাৰ পেৰেড গ্ৰাউণ্ডসমূহৰ নিৰাপত্তা ব্যৱস্থা তিনি তৰপীয়া কৰা হৈছে৷ খানাপাৰা খেলপথাৰত চি চি টিভি কেমেৰাও সংস্থাপন কৰা হৈছে৷
সমান্তৰালভাৱে উগ্ৰপন্থী-বিৰোধী অভিযানো আৰম্ভ কৰা হৈছে৷ আনহাতে গণৰাজ্য দিৱস উদ্যাপনৰ বাবে চৰকাৰে চলোৱা ব্যাপক প্ৰস্তুতিৰ মাজতে আজি আলফা [স্বাঃ] আৰু এন এছ চি এনে যৌথভাৱে গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহবান জনাইছে৷
সংগঠন দুটাই অসম আৰু নগালেণ্ডৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সাধাৰণ জনতাক গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচী বৰ্জন কৰিবলৈ আহবান জনায়৷
তদুপৰি সংগঠন দুটাই ১৮ ঘণ্টীয়া সৰ্বাত্মক বন্ধৰো আহবান জনাইছে৷ নিশা ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই বন্ধৰ আহবান জনাইছে৷ অৱশ্যে এই বন্ধৰ পৰা জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় কাম-কাজসমূহক অব্যাহতি দিয়া বুলি সংগঠন দুটাই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে৷
Comments