Cartoon
View Older
গুৱাহাটী, ২৫ জানুৱাৰীঃ বহুকাৰণত সিংহক জংঘলৰ ৰজা বুলি কোৱা হয়। সিংহৰ গোঁজৰনি শুনি হয়টো সকলোৱে নিশ্চয়ই ভয়তে শৰীৰ কঁপি উঠিব। কিন্তু যদি সিংহই গোঁজৰিবলৈ পাহৰি যায়, তেন্তে ই অতি আচৰিত কথা হিচাপে বিবেচিত হ'ব। ঠিক এনে একে ঘটনা পোহৰলৈ আহিছে যেতিয়া এটা অকলে বাস কৰা সিংহই গোঁজৰনি মাৰিব পাহৰি গৈছে। কেৱল এয়াই নহয়, সিংহটোৱে লগতে বহুতো কথা পাহৰি গৈছে।
পাঁচ বছৰ ধৰি এটা সৰু পিঞ্জৰাত বন্দী হৈ থকা এই সিংহটোৰ নাম হৈছে ৰুবেন। এইটো পৃথিৱীৰ একমাত্র অকলে থকা সিংহ যিয়ে গোঁজৰনি মাৰিবলৈ পাহৰি গৈছে। ৰুবেন আৰ্মেনিয়ান-আজাৰবাইজান সীমান্তত নিৰ্মিত এখন চিৰিয়াখানাত আছে। সিংহটোক যোৱা পাঁচ বছৰ ধৰি এটা সৰু পিঞ্জৰাত ৰখা হৈছে যাৰ ফলত আন সিংহৰ দৰে সকলোবোৰ আচৰণ পাহৰি গৈছে।
Comments