মাজুলী,২৫,জানুৱাৰী: বৰ্তমান ভাৰত তথা অসমতো ৰাজ্য চৰকাৰে কঠোৰ বন নীতি বলৱৎ কৰাৰ সময়তো অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও বন ধ্বংস যজ্ঞ হৈ অহাৰ খবৰ সততে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। কাঠৰ চোৰাং ব্যৱসায়ীয়ে মূল্যবান কাঠৰ চোৰাং ব্যৱসায় গঢ়ি তোলা কাৰ্য্যক কেতিয়াবা বন বিভাগে হাত-লোতে ধৰা পেলোৱাৰ খবৰো সততে পাই থকা হয়। কিন্তু এখন শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই বিদ্যালয়ৰ চৌহদত থকা মূল্যৱান গছ কাটি এতিয়া ৰাইজৰ ৰোষত পৰাৰ খবৰে মাজুলীত ব্যাপক চৰ্চা চলিছে।
বিদ্যালয় চৌহদত বিভিন্ন উদ্যান, ফুলনি আৰু মূল্যবান গছেৰে বিদ্যালয়ৰ চৌহদক এক সৌন্দৰ্য্য বৃদ্ধি কৰাৰ উদ্দেশ্যে সময়ে সময়ে চৰকাৰে পূঁজিৰ যোগান ধৰি অহাৰ সময়তে মাজুলীৰ ১ নং প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত থকা ৬ জোপা কৃষ্ণচূড়া গছ কাটি বিদ্যালয় খনৰ কৰ্তৃপক্ষই তহিলং কৰাৰ কাৰ্য্যত এতিয়া গৰজি উঠিছে ১ নং মৰিটুনী গাঁৱৰ যুৱক সমিতি।
যুৱক সমিতিৰ ফালৰ পৰা দৈনিক জনমভূমি লৈ প্ৰেৰণ কৰা এক পত্ৰত সমিতি খনে কয় যে-কৃষ্ণচূড়া কেইজোপা কটাৰ উপৰি বিদ্যালয় খনৰ কৰ্তৃপক্ষই কাঠখিনিও বিক্ৰী কৰে। তেওঁলোকে পত্ৰত উল্লেখ কৰি আৰু কয় যে-বৰ্তমান সময়ত ভাৰত চৰকাৰে বিভিন্ন বন-নীতি গ্ৰহণ কৰাৰ সময়ত আৰু অত্যধিক গছ কটাৰ ফলত পৰিৱেশৰ ভাৰসাম্যতা হেৰুৱাৰ সময়ত কেনেদৰে সিমানবোৰ গছ কাটিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিষয়টোৰ তদন্তৰ দাবী তোলে।
Comments