গুৱাহাটী,২৫ জানুৱাৰী:বহুচৰ্চিত বলীউডৰ বিগ বাজেটৰ ছবি 'পাঠান'ৰ মুক্তিৰ পাছতে শ্বাহৰুখ খানৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে । ছবিখনৰ প্ৰথম দৰ্শনী উপভোগ কৰিয়ে আপ্লুত দৰ্শকসকল । কোনোৱে যদি কেক কাটিলে, কোনোৱে আকৌ ফটকা ফুটালে । কোনোৱে আকৌ কেমেৰাৰ আগত চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ জনপ্ৰিয় প'জ দিলে ।
সমগ্ৰ দেশৰ লগতে অসমৰো ছবিগৃহত মুক্তি পালে বহু বিতৰ্কিত ছবি 'পাঠান' । বিশেষকৈ গুৱাহাটী মহানগৰীৰ আটাইকেইটা ছবিগৃহতে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ ভিৰ কৰিলে শ শ দৰ্শকে । প্ৰথম দৰ্শনী উপভোগ কৰি পাঠান ছবিখনৰ লগতে শ্বাহৰুখ খানৰ জয়গান শুনিবলৈ পোৱা গ'ল দৰ্শকৰ মুখত । গুৱাহাটীৰ অনুৰাধা ছবিগৃহত পুৱাই একাংশ শ্বাহৰুখ খানৰ অনুৰাগীয়ে কেক কাটি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে ।উল্লেখ যে বুধবাৰে সমগ্ৰ দেশতে পাঠান ছবিখনে মুক্তি লাভ কৰিছে । ইতিমধ্যে আগতীয়া টিকট বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে ছবিখনে ।
দেশৰ লগতে বহু বিদেশী ৰাষ্ট্ৰতো মুক্তি লাভ কৰিছে ছবিখনে । ইফালে অসমৰ প্ৰায় ৬৫ টা ছবিগৃহত ছবিখনে মুক্তি লাভ কৰিছে । প্ৰথম দিনটোৰ বাবে ছবিখনৰ আগতীয়া টিকট বুকিঙৰ ক্ষেত্ৰত প্ৰায় ৫০-৬০ লাখ টকাৰ টিকট বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ।উল্লেখ্য যে মুক্তিৰ পূৰ্বে পাঠান ছবিখনক লৈ দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যতো বিতৰ্কৰ সৃষ্টি হৈছিল ।
চুপাৰষ্টাৰ শ্বাহৰুখ খান, জন আব্ৰাহাম আৰু দীপিকা পাডুকন অভিনীত ছবিখনক লৈ হিন্দুত্ববাদী সংগঠনে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । গুৱাহাটী মহানগৰীৰ নাৰেংগীতো বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিছিল । সংগঠনটোৱে নাৰেংগীৰ এল জি টাৱাৰৰ ডিজিটেল ছবিগৃহৰ সন্মুখত 'পাঠান'ৰ পোষ্টাৰ ফালি জুইত জাপি দিছিল । আনকি শ্বাহৰুখ খানক সন্ত্ৰাসবাদী বুলিও অভিহিত কৰিছিল বজৰং দলে ।অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এনে বিতৰ্কৰ মাজতে ছবিখনৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় বুলিও মন্তব্য কৰিছিল ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে । গুৱাহাটীৰ মহানগৰীৰো প্ৰতিটো ছবিগৃহতে পুৱাৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মোতায়েন কৰা হৈছে । অৱশ্যে এতিয়ালৈ ৰাজ্যত কোনো ধৰণৰ প্ৰতিবাদ বা অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য অহা নাই ।
Comments