গুৱাহাটী, ২৭ জানুৱাৰীঃ বস্তু ক্ৰয় আৰু বিক্ৰী কৰিবলৈ বহু শতিকাৰ আগতে ধনৰ লেনদেন আৰম্ভ হৈছে। বৰ্তমানৰ দিনত পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশৰ নিজা মুদ্ৰা আছে। কিন্তু, একবিংশ শতিকাতো পৃথিৱীত এনে এখন ঠাই আছে য'ত শিলৰ মুদ্ৰা চলে। ইয়াত শিল দি বস্তু ক্ৰয় অথবা বিক্ৰী কৰা হয়। এই সময়ত সামাজিক মাধ্যমত শিলৰ মুদ্ৰাৰ বিষয়ে বহুত আলোচনা হৈছে। ইয়াত নোট আৰু মুদ্ৰাৰ প্ৰচলন নহয়। ইয়াত মানুহে শিলক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰে। এই বিশেষ ঠাইখন হৈছে য়াপ দ্বীপ, যি প্ৰশান্ত মহাসাগৰত অৱস্থিত। এয়া সঁচাকৈয়ে আচৰিত যে, বৰ্তমানৰ যুগত মানুহ চন্দ্ৰত উপনীত হ'বলৈ সক্ষম হৈছে, আনহাতে এই দ্বীপত এতিয়াও শিলৰ মুদ্ৰা ব্যৱহাৰ হৈ আছে।
উল্লেখনীয় যে এই মহাদেশত সৰুৰ পৰা মানুহৰ আকাৰ হিচাপত শিলৰ মুদ্ৰা প্ৰচলিত হয়। তথ্য অনুসৰি, য়াপ দ্বীপ প্ৰায় ১০০ বৰ্গ কিলোমিটাৰ জুৰি বিয়পি আছে। ইয়াত প্ৰায় ১২ হাজাৰ লোক বাস কৰে। য়াপ দ্বীপত বহুতো সৰু গাওঁৰে অৱস্থিত। ইয়াত প্ৰতিটো পৰিয়ালৰ শিলৰ ৰূপত মুদ্ৰা আছে। সেই শিলৰ মুদ্ৰাবোৰত পৰিয়ালৰ নামও লিখা থাকে। এই শিলবোৰৰ মাজত এটা ছিদ্ৰ থাকে, যাক মুদ্ৰা বুলি গণ্য কৰা হয়। এই শিল যিমানে গধুৰ হয়, ইয়াৰ মূল্য সিমানে বেছি হয়। বেছি পৰিমাণত আৰু গধুৰ শিল থকা পৰিয়ালটোক ইয়াত সম্ভ্ৰান্ত বুলি গণ্য কৰা হয়।
অৱশ্যে, এই শিলৰ মুদ্ৰা কেনেকৈ আৰু কেতিয়া আৰম্ভ হৈছে তাৰ কোনো প্ৰমাণ নাই। কিন্তু এইটো বিশ্বাস কৰা হয় যে শিলৰ মুদ্ৰা ব্যৱহাৰৰ আঁৰৰ কাৰণ হৈছে য়াপ দ্বীপত কোনো মূল্যৱান কেঁচা মাল বা ধাতু নাই। ইয়াত সোণ বা কয়লাও পোৱা নাযায়। শতিকাৰ আগৰ পৰা ইয়াত চূণশিল মুদ্ৰা হিচাপে ব্যৱহাৰ হৈ আহিছে।
Comments