গুৱাহাটী,২৬ জানুৱাৰী:চলিত অস্ট্রেলিয়ান অপেনত জীৱনৰ অন্তিমখন ফাইনেল খেলিব ছানিয়া মির্জাই। চিৰ পৰিচিত মিক্সড্ ডাবল্ছ যুটি ছানিয়া-ৰোহন বোপান্নাই আজি গ্ৰেণ্ডশামখনৰ ছেমি ফাইনেলত ব্ৰিটেইনৰ নীল স্কুপছি আৰু আমেৰিকাৰ ডেছিৰে ক্ৰাজিক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। মেচখনত ভাৰতীয় তাৰকা যুটিটোৱে ব্ৰিটেইন-আমেৰিকাৰ যুটিটোক ৭-৬, ৬-৭, ১০-৬ ব্যৱধানত ধৰাশায়ী কৰে।
উল্লেখ্য যে এই ভাৰতীয় যুটিটোৱে ৬ বছৰৰ আগতে ২০১৭ত ফ্রেন্স অপেনৰ খিতাপ জয়ৰে ইতিহাস ৰচনা কৰিছিল। তেনেস্থলত পুনৰ কেৰিয়াৰৰ অন্তিম ক্ষণত খিতাপ জয়ৰ নিছেই কাষ চাপিছে ৰোহন-ছানিয়াৰ তাৰকা যুটিটো ।
অৱশ্যে ভাৰতীয় যুটিটোৱে কোৱাৰ্টাৰ ফাইনেলত ৱাক অভাৰ লাভ কৰিছিল। ইফালে মহিলা ডাবল্ছত ছানিয়া মির্জাই এনা ডানিলিনাৰ সংগী হৈ পৰাজয় বৰণ কৰে। ইফালে পুৰুষৰ একক শাখাত অভিযান অব্যাহত আছে ন’ভাক জক ভিছ আৰু টমী প'লৰ। ন’ভাকে ৰাছিয়ান যুৱ তাৰকা এড়ি ৰুবলেভক পৰাস্ত কৰাৰ পৰিবৰ্তে আমেৰিকাৰ টমীয়ে নিজ দেশৰেই বেন শ্বেলটনক পৰাজিত কৰে।
অন্যহাতে, মহিলাৰ একক শাখাত প্রাক্তন দ্বিতীয় স্থানৰ খেলুৱৈ আৰিয়না ছাবালেংকাৰ জয়যাত্রা অব্যাহত আছে। ইফালে খিতাপ জয় অন্যতম দাবীদাৰ কেৰ'লিনা পিলিছকভাৰ অভিযান সমাপ্ত হৈছে। চেক গণৰাজ্য প্লিজকভা মেগড়া লিনিটে হাতত পৰাজিত হয়।
Comments