Cartoon
View Older
গুৱাহাটী, ২৭ জানুৱাৰীঃ বৃহস্পতিবাৰে নিশা গুৱাহাটীত এগৰাকী যুৱতীক এদল অচিনাক্ত যুৱকৰ দলে অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে।
সূত্ৰ অনুসৰি, দুৰ্বৃত্তই প্ৰথমে গোৰেশ্বৰৰ পৰা যুৱতীগৰাকীক অপহৰণ কৰি দলবদ্ধভাৱে ধৰ্ষণ চলাই পৰৱৰ্তী সময়ত বশিষ্ঠৰ ইন্দিৰা নগৰত পেলাই থৈ যায়। ধৰ্ষণ চলোৱাৰ আগতে দুৰ্বৃত্তই যুৱতীগৰাকীক নিচাযুক্ত দ্ৰৱ্য সেৱন কৰোৱা বুলি সূত্ৰযোগে জানিব পৰা গৈছে।
সৌভাগ্যক্ৰমে, যুৱতীগৰাকীক স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে আৰু স্থানীয় আৰক্ষীয়ে শীঘ্রে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে। বৰ্তমান, যুৱতীগৰাকী চিকিৎসাধীন অৱস্থাত আছে।
Comments