গুৱাহাটী,২৭ জানুৱাৰী:পাঠানৰ বিতৰ্ক মাৰ নৌযাওঁতেই বিবিচিৰ "India:the Modi Question শীৰ্ষক তথ্যচিত্ৰখনে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে ৷ ২০০২ চনত গুজৰাটত হোৱা সংঘৰ্ষৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ছবিখন ৷
বৃহস্পতিবাৰে সন্ধিয়া হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে (এছএফআই) তথ্যচিত্ৰখনৰ এক দৰ্শনীৰ আয়োজন কৰিছিল ৷ ইয়াৰ পিচতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) ছাত্ৰ শাখা এবিভিপিয়ে বিশ্ববিদ্যালয় চৌহদত বিতৰ্কিত ছবি 'দ্য কাশ্মীৰ ফাইলছ'ৰ এটা দৰ্শনী প্ৰদৰ্শন কৰে ।
এছএফআইয়ে সামাজিক মাধ্যমৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি উল্লেখ কৰিছিল যে গণতন্ত্ৰ দিৱসৰ উপলক্ষে এছএফআইৰ আহ্বানত 'ইণ্ডিয়া: দ্য মোডী কুৱেশ্যন'ৰ সফল প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে । এই পোষ্টৰ পিচতে এবিভিপিৰ প্ৰচাৰ আৰু প্ৰচেষ্টা বিফল কৰি ৪০০ ৰো অধিক শিক্ষাৰ্থীয়ে মোডীৰ বিতৰ্কিত তথ্যচিত্ৰখন চাবলৈ আহিছিল ।
তথ্যচিত্ৰখনৰ সফল প্ৰদৰ্শনৰ পিছতে এছএফআইয়ে ছাত্ৰ সমাজক অভিবাদন জনাই ছাত্ৰ-ছাত্ৰীসকলৰ মত প্ৰকাশ কৰি গণতন্ত্ৰৰ হকে থিয় দিবলৈ আহ্বনা জনায় ৷ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।
Comments