Cartoon
View Older
গুৱাহাটী, ২৭ জানুৱাৰীঃ বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ শেহতীয়াকৈ মুক্তি পোৱা পাঠানে সকলো বিতৰ্কক নেওচি বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ২৫ জানুৱাৰীত মুক্তি পোৱাৰ পিছত মাত্ৰ দুদিনতে চিনেমাখনে ১০০ কোটি টকা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। boxofficeindia.com ৰ তথ্য অনুসৰি, দ্বিতীয় দিনা পাঠানে প্ৰায় ৬৮ কোটি টকা উপাৰ্জন কৰিছে আৰু ডাব কৰা সংস্কৰণৰ সৈতে মুঠ ৭০ কোটিৰ ওপৰত উপাৰ্জন কৰাৰ সম্ভাৱনা আছে।
ইপিনে, ছবিখনৰ দুদিনৰ উপাৰ্জন ব্যৱসায় হৈছে ১২৩ কোটি টকা, যি ইতিমধ্যে 'কেজিএফ ২' (হিন্দী) আৰু 'বাহুবলী - দ্য কনক্লুচন'ৰ পিছত সৰ্বকালৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা চিনেমা।
Comments