Cartoon
View Older
গুৱাহাটী, ২৭ জানুৱাৰী:অসম ৰাইফলছে জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা । আছাম ৰাইফলছৰ আনুষ্ঠানিক বিবৃতি অনুসৰি কৰিমগঞ্জৰ ৰাতাবাৰী থানা এলেকাৰ অন্তৰ্গত ৰংপুৰ অঞ্চলৰ পৰা বৃহস্পতিবাৰে নিশা জব্দ কৰা হয় এই গাঞ্জাখিনি ।
জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৯ লাখ হ’ব বুলি এজন বিষয়াই জানিবলৈ দিয়ে।আছাম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নে সেই অঞ্চলত আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই উদ্ধাৰ কৰে উক্ত গাঞ্জা ।
Comments