Cartoon
View Older
গুৱাহাটী, ২৩ জানুৱাৰীঃ শেহতীয়াকৈ ব্ৰাজিলৰ পৰা এটা আশ্চৰ্যজনক ঘটনা পোহৰলৈ আহিছে। য'ত এগৰাকী মহিলাই ৭ কিলোগ্ৰাম ওজনৰ আৰু ২ ফুট উচ্চতাৰ এটা সন্তান জন্ম দিছে। এই শিশুটোক দেখি চিকিৎসকৰ লগতে সকলোৱে আচৰিত হৈ পৰিছে। এই চুপাৰ চাইজ শিশুটোৰ নাম এংগাৰচন চেণ্টোছ ৰখা হৈছে। এই ডাঙৰ আকাৰৰ শিশুটি সাধাৰণ প্ৰসৱ কৰি জন্ম হোৱা নাই। চিকিৎসকসকলে শিশুটোক অস্ত্ৰোপচাৰৰ দ্বাৰা প্ৰসৱ কৰাইছে।
চিকিৎসকসকলে কৈছে যে, "আমি জন্মৰ সময়ত তেওঁলোকে আগতে ইমান ডাঙৰ সন্তান কেতিয়াও দেখা নাছিল।এই চুপাৰচাইজ শিশুটি ১৮ জানুৱাৰীত ব্ৰাজিলত জন্ম হৈছে। যেতিয়া এই শিশুটোৰ উচ্চতা আৰু ওজন জোখা হয়, সকলোৱে আচৰিত হৈ পৰে। চিকিৎসকসকলে লগতে দাবী কৰিছে যে শিশুটো ভবিষ্যতলৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আকাৰৰ মানুহনজন হ'ব পাৰে।
Comments