গুৱাহাটী, ২৩ জানুৱাৰীঃ চলিত বৰ্ষত বলীউডৰ চুপাৰষ্টাৰ সকলৰ সন্মান বিপদত পৰিছে। ক'ৰনা মহামাৰীৰ পিছত, ২০২২ বৰ্ষটোৱে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ আশাত চেঁচাপানী ঢালিছে, কিন্তু বৰ্তমান ২০২৩ চনত, বলীউডৰ কিছুসংখ্যক তাৰকাৰ ডুব যোৱা নাওখন বচাবলৈ কিছু অলৌকিক প্ৰদৰ্শন কৰিবলৈ চেষ্টা চলাই আছে। বলীউডৰ পুনৰ আগৰে দৰে দিন ঘূৰি আহিবলৈ আকৌ এবাৰ শ্বাহৰুখ খান আৰু ছলমান খানে গুৰুদায়িত্ব মূৰ পাতি ল'ব লাগিব। ২০২৩ চনত, শ্বাহৰুখ আৰু ছলমান দুয়োৰে দুখন নতুন ছবি আহি আছে। ইয়াৰ লগতে শ্বাহৰুখ আৰু ছলমানে এতিয়া ডুব যোৱা নাওঁখন বচোৱাৰ লগতে কেৰিয়াৰৰ সন্মান বজাই ৰাখিব লাগিব।
এই বছৰ বহুতো চুপাৰষ্টাৰৰ কেৰিয়াৰও বিপদত পৰিছে। য'ত প্ৰথম নামটো আহি পৰে শ্বাহৰুখ খানৰ। শ্বাহৰুখে চাৰি বছৰৰ পিছত চিনেমা উদ্যোগত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে। এনে পৰিস্থিতিত, যদি 'পাঠান' আৰু 'জোৱান' আশ্চৰ্যজনক প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়, তেন্তে শ্বাহৰুখৰ বাবে অসুবিধাৰ সময় আহি পৰিব।
ঠিক তেনেদৰে ছলমানৰ কোনো ছবিয়ে যোৱা কেইবছৰমান ধৰি কোনো আশ্চৰ্যজনক প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হোৱা নাই। এনে পৰিস্থিতিত, ছলমানৰ কেৰিয়াৰৰ সন্মান এতিয়া টাইগাৰ-৩ আৰু 'কিচি কা ভাই কিচি কি জান' নিৰ্ভৰশীল। যদি এই দুয়োখন ছবি বক্স অফিচত স্থবিৰ হৈ পৰে, তেন্তে ভাইজানৰ যাত্ৰাক উদ্যোগটোত স্থবিৰ বুলি বিবেচনা কৰা হ'ব পাৰে।
Comments