গুৱাহাটী, ২৩ জানুৱাৰীঃ যদিও নিশাটোৰ ভিতৰত ধনী হোৱাৰ কোনো চমু বাট নাই, কিন্তু যদি ভাগ্য নিজৰ পক্ষত থাকে, তেন্তে এনে যিকোনো ঘটনা ঘটিব পাৰে। ঠিক তেনেকৈ শেহতীয়াকৈ আমেৰিকাৰ কেৰোলিনাত বাস কৰা এমেলিয়া এষ্টেছ নামৰ মহিলাগৰাকীয়ে শনিবাৰে বিস্কুট ক্ৰয় কৰিবলৈ ঘৰৰ পৰা ওলাই আহি দোকানলৈ গৈ ১৬০০ টকাৰ এটা লটাৰী স্ক্ৰেচকাৰ্ড কিনি আনে, যাৰ বিষয়ে তেওঁ ভাবি যোৱা নাছিল। যেতিয়া তেওঁ কাৰ্ডখন ঘঁহি লটাৰী নম্বৰৰ সৈতে মিলাই দেখিলে, তেওঁ হতবাক হৈ পৰিল। কিয়নো তেওঁ ১৬ কোটি টকাৰ লটাৰী জিকিবলৈ সক্ষম হয়। এডুকেশ্বন লটাৰীয়ে ফলাফল ঘোষণা নকৰালৈকে, এমিলিয়াৰ মনত বহুতো কথা চলি আছিল, কিয়নো সেই লটাৰীৰ ভাগ্যৱান ড্ৰ একেদিনাই অনুষ্ঠিত হ'ব লাগিছিল। এমিলিয়াই এই সন্দৰ্ভত কৈছে যে, "মই ঘৰলৈ আহি ফলাফলটো দেখাৰ লগে লগে হতবাক হৈ পৰিলো। মোৰ বিশ্বাস হোৱা নাছিল যে বিস্কুটৰ পেকেট এটাই মোক ১৬ কোটি টকাৰ গৰাকী কৰি তুলিব।"
কিন্তু, মহিলাগৰাকীয়ে বৰ্তমান জানিব পাৰিছে যে, লটাৰী কোম্পানীটোৱে হেনো একেলগে গোটেই টকা নিদিয়ে, ই পুৰস্কাৰ বিজয়ীসকলক দুটা বিকল্প দিয়ে। প্ৰথমতে, হয় বিজয়ীয়ে ২০ বছৰৰ বাবে প্ৰতি বছৰে ৮০ লাখ টকা ল'ব লাগিব নাইবা এবাৰতে নগদ ৯ কোটি টকা ল'ব লাগিব। এনে পৰিস্থিতিত, এমেলিয়াই এবাৰতে নগদ ৯ কোটি উলিয়াই লেIৱাৰ বিকল্প বাছনি কৰিছিল আৰু আনন্দেৰে নিজৰ ঘৰলৈ উভতি আহিছিল।
Comments