গুৱাহাটী, ২৩ জানুৱাৰীঃ ১৯৬৯ চনত আমেৰিকাই তিনিজন মহাকাশচাৰীক মহাকাশলৈ পঠিয়াইছিল। এপ'লো-১১ অভিযানৰ সময়ত তেওঁলোক সকলোৱে চন্দ্ৰপৃষ্ঠত খোজ পেলায়। তেওঁলোকৰ ভিতৰত এজন আছিল বাজ এল্ড্ৰিন, যিয়ে বৰ্তমান ৯৩ বছৰ বয়সত জন্মদিনৰ দিনা প্ৰেমিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। এল্ড্ৰিনে তেওঁৰ পত্নী ড০ অংকাৰ সৈতে সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত ফটো শ্বেয়াৰ কৰিছে। তেওঁলোকে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এক সৰু অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হৈছে। প্ৰাক্তন মহাকাশচাৰী জনে টুইটাৰত লিখিছে যে, "মোৰ ৯৩ তম জন্মদিনত, মই আৰু মোৰ প্ৰেমিকা ডঃ অংকা ফৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ বিষয়ে জানিবলৈ পাই সুখী হৈছো। আমি লছ এঞ্জেলছত এটা সৰু অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হৈছো আৰু আমি বৰ্তমান অতিকৈ উৎসাহিত।
দৰাচলতে, বাজ এল্ড্ৰিন বিবাহপাশত পূৰ্বে আৱদ্ধ হৈছে আৰু তিনিবাৰ বিবাহ বিচ্ছেদ হৈছে। তেওঁ এপ'লো-১১ মিছনৰ তিনিজন সদস্যৰ দলৰ একমাত্ৰ জীৱিত সদস্য। নীল আৰ্মষ্ট্ৰং চন্দ্ৰপৃষ্ঠত ভৰি দিয়া প্ৰথম ব্যক্তি আছিল। বাজ এল্ড্ৰিনে তেওঁৰ ১৯ মিনিট পিছত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল। প্ৰাক্তন মহাকাশচাৰী বাজ এল্ড্ৰিনে ১৯৭১ চনত নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৯৮ চনত ক্ৰুড মহাকাশ অন্বেষণৰ সম্প্ৰসাৰণৰ প্ৰচাৰৰ বাবে বেচৰকাৰী সংগঠন শ্বেয়াৰ'স্পেচ ফাউণ্ডেচনৰ গঠন কৰে।
Comments