Cartoon
View Older
গুৱাহাটী,২৩ জানুৱাৰী:ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সোমবাৰে নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত ১১ টি শিশুক ২০২৩ চনৰ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰা শিশুসকলৰ সৈতে মত বিনিময় কৰিব। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়েও এই শিশুসকলৰ সৈতে মত বিনিময় কৰিব।
মন্ত্ৰীগৰাকীয়ে এই শিশুসকলক তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে অভিনন্দন জনায়। উল্লেখযোগ্য যে ৫ ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক ৬ টা শাখাত তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে এই পুৰস্কাৰ আগবঢ়োৱা হ'ব। এই শাখাকেইটা হৈছে কলা আৰু সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, মেধা, সমাজ সেৱা আৰু ক্ৰীড়া। এই পুৰস্কাৰত আছে একোটা পদক, এখন প্ৰমাণপত্ৰ আৰু নগদ ১ লাখ টকা।
Comments