গুৱাহাটী,১৯ জানুৱাৰী:এছিয়াত পোন প্ৰথমবাৰৰ বাবে উপলব্ধ হৈছে খাদ্য উপযোগী উটৰ গাখীৰ ৷ গুজৰাটৰ কচ্ছৰ চন্দ্ৰনী গাঁৱত এছিয়াৰ প্ৰথমটো ডিঅ'ড্ৰোৰাইজড (খাদ্য উপযোগী) উটৰ গাখীৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্প কাৰ্যক্ষম কৰা হৈছে ৷ এই প্ৰকল্পই উটৰ স্বত্বাধিকাৰীসকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷
পূৰ্বতে উট পালকসকলে প্ৰতি লিটাৰ উটৰ গাখীৰত মাত্ৰ ২০ টকাকৈ লাভ কৰিছিল ৷ কিন্তু এতিয়াৰ পৰা উটৰ গাখীৰ প্ৰতি লিটাৰৰ মূল্য ৫১ টকালৈ বৃদ্ধি হৈছে ৷ এই খবৰৰ পিছতে উট পালকসকলে বাবে ই নিৰ্ভৰযোগ্য উপাৰ্জনৰ উৎস হৈ পৰিছে ৷ নৱনিৰ্মিত এই প্ৰকল্পটোৱে উট পালকসকলক জীৱিকাৰ পথ মোকলাই দিব বুলি আমুলে প্ৰতিশ্ৰুতি দিয়ে ৷ বহুতো লোকে নিজৰ চখ পূৰাবলৈ উট পালন কৰিছিল ৷ ফলত উট পালকৰ সংখ্যাও বৃদ্ধি পাইছে । সমগ্ৰ বিশ্বত ডুবাই আৰু পাকিস্তানত উটৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ বাবে তিনিটা কেন্দ্ৰ আছে । অত্যাধুনিক প্ৰচেছিং মেচিনৰ সৈতে চতুৰ্থটো কেন্দ্ৰ গুজৰাট ৰাজ্যৰ কচ্ছৰ অঞ্জাৰ তালুকৰ চন্দ্ৰনী গাঁৱত আৰম্ভ কৰা হয়।
Comments