গুৱাহাটী,২৩ জানুৱাৰী:হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ বিগত ১৭ বছৰীয়া শাসনকালৰ বিয়াগোম কেলেংকাৰী তথ্য ফাদিল কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । হাগ্ৰামা মহিলাৰীৰ আমোলত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্ত কৰি নিটকোণ নামৰ বিত্তীয় সংস্থাই দেওবাৰে বিটিআৰৰ কাৰ্যনিৰ্বাহক সভাত দাখিল কৰা অডিট ৰিপোৰ্টৰ আধাৰতে প্ৰমোদ বড়োৱে পূৰ্বৰ চৰকাৰৰ ১৯০০ কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ তথ্য বাহিৰ কৰিছে৷
বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে দেওবাৰে সংবাদমাধ্যমৰ আগত সদৰী কৰা মতে, দিল্লীৰ নিটকোণ লিমিটেড নামৰ বিত্তীয় সংস্থাটোৱে ১৫ মাহ ধৰি অনুসন্ধান চলাইছিল বিটিআৰৰ পূৰ্বৰ চৰকাৰৰ প্ৰায় তিনি হেজাৰ কোটি টকাৰ অনাদেয় বিলৰ ৷ অনুসন্ধানৰ অন্তত সংস্থাটোৱে আজি বিটিআৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা বিটিআৰৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত অডিট ৰিপোৰ্ট দাখিল কৰে ৷ অডিট ৰিপৰ্টত পূৰ্বৰ হাগ্ৰামা চৰকাৰে এৰি যোৱা প্ৰায় ৩ হেজাৰ কোটি টকা অনাদেয় বিলৰ ১৯০০ কোটি টকাই ভুৱা বিল ধৰা পৰিছে ৷উল্লেখ্য যে, হাগ্ৰামা মহিলাৰীৰ আমোলত চি ডি পুঁজিকে ধৰি ২৮ টা বিভাগৰ সৰ্বমুঠ ৮৫১৬ টা প্ৰকল্পৰ অডিট চলাইছিল নিটকোণ নামৰ দিল্লীৰ প্ৰখ্যাত সংস্থাটোৱে ৷ অডিট ৰিপৰ্টৰ আঁত ধৰি প্ৰমোদ বড়োৱে কয় যে, ৮৫১৬ টা আঁচনিৰ ভিতৰত ১৫৫৪ টা আঁচনি আৰম্ভই নহ'ল আৰু ১২৬১ টা আঁচনিৰ কাম আৰম্ভ হৈছিল যদিও অসম্পূৰ্ণ হৈ আছে । উক্ত আঁচনিসমুহৰ ভিতৰত বহু আঁচনি ভুৱা আৰু অস্বিত্বহীন আছিল বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে কয় যে অডিট ৰিপোৰ্টত সৰ্বমুঠ ২৯১৫ কোটি ৬৫ লাখ টকা পূৰ্বৰ বিটিআৰ প্ৰশাসনৰ অনাদেয় বিল বুলি দেখুওৱা হৈছিল ৷
কিন্তু ইয়াৰ বিপৰীতে অডিটত প্ৰকৃত অনাদেয় ধনৰ পৰিমাণ ১০২৩ কোটি ৯৩ লাখ টকা বুলি তথ্যত বাহিৰ হৈছে । বাকী ১৯০০ কোটি টকাৰ বিল ভূৱা আছিল বুলি সদৰী কৰিছে প্ৰমোদ বড়োৱে । ইয়াৰোপৰি অতি ৰহস্যজনক কথা এয়ে যে বহু কাম সম্পূৰ্ণ হৈছে অথচ আজিলৈ বিল ক্লেইম কৰিবলৈ কোনো আগবাঢ়ি নাহিল বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বিপিএফ চৰকাৰৰ দিনত কিছুমান কাম-আঁচনিৰ বিপৰীতে এদিনতে প্ৰশাসনীয় অনুমোদন, এদিনতে বিল দাখিল কৰাৰ তথ্য অডিট ৰিপৰ্টত ওলাইছে।
আনহাতে বহু ফাইল হেৰাইছে আৰু আন কিছুমান ফাইল তদন্তৰ বাবে এতিয়াও থানাত আছে বুলি মন্তব্য কৰি হেৰোৱা ফাইলসমূহ এচাম ঠিকাদাৰ আৰু বিষয়াৰ হাতত থকা সন্দেহ প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ৷ অতি শীঘ্ৰে হেৰোৱা ফাইলসমূহ ঘুৰাই নিদিলে আইনী ব্যৱস্থা হাতত লোৱা হ'ব বুলি সকীয়াই দিয়ে প্ৰমোদ বড়োৱে ৷ বিটিআৰ চৰকাৰৰ বিভিন্ন বিভাগত পূৰ্বৰ চৰকাৰৰ যি বকেয়া ধন আদায় দিবলৈ বাকী আছে সেয়া সেয়া প্ৰকৃতভাৱে নিৰীক্ষণ(physical verification’)ৰ পিছতহে দিয়া হ'ব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োৱে ৷ বিটিআৰৰ কাৰ্যনিৰ্বাহক সভাত পূৰ্বৰ চৰকাৰৰ ভয়াৱহ দুৰ্নীতিৰ বিৰুদ্ধে কি কাৰ্যব্যৱস্থা হাতত লোৱা হ'ব সেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।
Comments