Cartoon
View Older
গুৱাহাটী,২৩ জানুৱাৰী:মণিপুৰ আৰক্ষীয়ে আজি প্ৰায় ১১ কোটি টকাৰ ৮ কেজি ওজনৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।
এজন আৰক্ষী বিষয়াই জনোৱা মতে,দেওবাৰে নিশা ইম্ফলত গাড়ীৰ স্বাভাৱিক পৰীক্ষাৰ সময়ত দুজন ব্যক্তিক আটক কৰি ম্যানমাৰৰ পৰা সৰবৰাহ কৰা ড্ৰাগছখিনি তেওঁলোকৰ গাড়ীৰ পৰা উদ্ধাৰ কৰা হয়।ড্ৰাগছ বেপাৰী মো: আব্দুল চালাম আৰু মো: ৱাছিম আক্ৰাম নামৰ ড্ৰাগছ বেপাৰী দুজনক নাৰ্কটিকছ ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এন ডি পি এছ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।
Comments