গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জানুৱাৰী ঃ কে এল অ’ৰ [কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন] সৈতে আৰম্ভ হ’ব লগীয়া শান্তি আলোচনা দীঘলীয়া হ’ব৷
কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহই শান্তি আলোচনাৰ পোষকতা কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে ম্যানমাৰস্থিত শিবিৰ এৰি ভাৰতৰ ভূমিত উপস্থিত হৈছেহি যদিও সংগঠনটোৰ আন বহুসংখ্যক নেতা আৰু কেডাৰ বৰ্তমানেও ম্যানমাৰস্থিত শিবিৰত আছে৷ যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ৷
কেন্দ্ৰই বিচাৰিছে কে এল অ’ৰ সকলো নেতা-সদস্যই ম্যানমাৰ এৰি আহি শান্তি আলোচনাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক৷ কিন্তু ইয়াৰ বিপৰীতে কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহই মাত্ৰ কেইজনমান সদস্যক লৈয়ে শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷
আনকি জীৱন সিংহই লগত কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰও লৈ অহা নাই৷ জানিব পৰা মতে, সম্প্ৰতি ম্যানমাৰত থকা কে এল অ’ৰ সদস্যৰ সংখ্যা হ’ব প্ৰায় ৭০জন৷
তেওঁলোকে ম্যানমাৰৰ পৰাই আলোচনা প্ৰক্ৰিয়াৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি আহিছে৷ নতুন দিল্লীৰ আলোচনা আৰু শান্তি প্ৰক্ৰিয়া সফল হ’লেহে সংগঠনটোৰ আন নেতা আৰু কেডাৰসকল ম্যানমাৰৰ শিবিৰ এৰি মূলসুঁতিলৈ উভতি আহিব৷ এটা সূত্ৰৰ মতে, জীৱন সিংহই পৰিকল্পিতভাৱেই মাত্ৰ কেইজনমান নেতা আৰু কেডাৰক লৈ ম্যানমাৰৰ পৰা ওলাই আহিছে৷
কেন্দ্ৰীয় চৰকাৰক হেঁচাত ৰখাৰ বাবেই আলোচনাৰ পূৰ্বে এনে এক কৌশলী স্থিতি গ্ৰহণ কৰিছে সংগঠনটোৱে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া শান্তি আলোচনা কোনদিশে গতি কৰে সেয়া হ’ব অত্যন্ত লক্ষণীয়৷
ইফালে কে এল অ’ৰ সৈতে অনুষ্ঠিত হ’ব লগীয়া শান্তি আলোচনা যে দীঘলীয়া হ’ব সেয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ পৰাই স্পষ্ট হৈ পৰিছে৷
মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰিছে যে কে এল অ’ই দাবী কৰি অহা পৃথক কমতাপুৰৰ সন্দৰ্ভত কোনো কথাই তেওঁ জ্ঞাত নহয়৷ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ইমান দিন বাহিৰত থকাৰ পাছত জীৱন সিংহ এতিয়া দেশলৈ আহিছে, তেওঁক জিৰণি ল’বলৈ দিয়ক৷ অসমখন চাবলৈ দিয়ক, বুজিবলৈ দিয়ক৷
আলোচনা কৰা মানুহ আছে, আলোচনা কৰি থাকিব৷ তেওঁৰ যি ৰাজনৈতিক দাবী আছে সেয়াও আলোচনাত উত্থাপন কৰিব৷ কেতিয়াবা চুক্তিও হ’ব৷ মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে শান্তি আলোচনা আৰম্ভ হ’লেও এই আলোচনা শেষ হ’বলৈ যে দীৰ্ঘসময়ৰ প্ৰয়োজন হ’ব৷
Comments