প’ৰ্ট ব্লেয়াৰ, ২৩ জানুৱাৰী ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত উচৰ্গিত প্ৰস্তাৱিত স্মাৰকৰ আৰ্হি [মডেল] ভাৰ্চুৱেলী উন্মোচন কৰে৷ আন্দামান নিকোবৰ দ্বীপপুঞ্জত প্ৰতিষ্ঠা প্ৰধানমন্ত্ৰীয়ে উন্মোচন...হ’বলগীয়া এই স্মাৰকে জনসাধাৰণৰ মনত দেশপ্ৰেমৰ আৱেগ জগাই তুলিব বুলি আশা কৰা হৈছে৷
নেতাজীৰ ১২৬ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে আজি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ ২১টা নাম নথকা দ্বীপক পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামকৰণ কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘আজি আন্দামানৰ জনসাধাৰণৰ আগত ভাষণ দিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এইখন ঠাইতেই প্ৰথমবাৰৰ বাবে ১৯৪৩ চনত সুভাষ চন্দ্ৰ বসুৱে জাতীয় পতাকা উত্তোলন কৰিছিল৷’
উল্লেখযোগ্য যে মেজৰ সোমনাথ শৰ্মা, লেফটেনেণ্ট কৰ্নেল ধন সিং থাপা, চুবেদাৰ যোগীন্দৰ সিং, মেজৰ শৈতান সিং, কোম্পানী কোৱাৰ্টাৰ মাষ্টাৰ হাবিলদাৰ আব্দুল হামিদ, ছেকেণ্ড লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল, ফ্লায়িং অফিচাৰ নিৰ্মলজিৎ সিঙকে ধৰি পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ২১টা দ্বীপৰ নামকৰণ কৰা হয়৷
মোদীয়ে কয়, ‘স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদান লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা হৈছিল৷ কিন্তু আজি সমগ্ৰ দেশে তেওঁক সঁুৱৰিছে৷’ উল্লেখযোগ্য যে ২৩ জানুৱাৰীৰ নেতাজীৰ জন্ম দিৱসটো ২০২১ চনৰ পৰা সমগ্ৰ ভাৰতত পৰাক্ৰম দিৱসৰূপে উদ্যাপন কৰা হয়৷
মোদীয়ে আজি আৰ্হি উন্মোচন কৰা নেতাজীৰ স্মাৰক স্থাপন কৰা হ’ব ৰছ দ্বীপত৷ এই দ্বীপটোক ২০১৮ চনত নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে পুনৰ নামকৰণ কৰা হৈছিল৷ ইয়াত এটা যাদুঘৰ, কেবল কাৰ ৰ’পৱে’, লেজাৰ এণ্ড ছাউণ্ড শ্ব’, বিষয়ভিত্তিক শিশু বিনোদন উদ্যান আদি থাকিব৷
Comments