গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩হ্মজানুৱাৰী ঃ মাষ্টাৰৰোল, ৱৰ্কচাৰ্জ আৰু কেজুৱেল কৰ্মচাৰীসকললৈ কেবিনেট বৈঠকে আনিলে সু-খবৰ৷ এই কৰ্মচাৰীসকলে এতিয়াৰে পৰা বাৰ্ষিক ৩ শতাংশ বৃদ্ধিৰে দৰমহা লাভ কৰিব৷ ৰাজ্যত থকা প্ৰায় ১৩,৪০০ মাষ্টাৰৰোল, কেজুৱেল কৰ্মচাৰীয়ে নূ্যনতম দৰমহা গাঁথনি অনুসৰি দৰমহা লাভ কৰি আহিছিল৷
এই কৰ্মচাৰীসকলে এতিয়াৰে পৰা বাৰ্ষিক ৩ শতাংশ বৃদ্ধিৰে দৰমহা লাভ কৰিব৷ –আজি দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্তত অনুমোদন জনোৱাৰ কথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে৷
মাষ্টাৰৰোল কৰ্মচাৰীয়ে নহয়, গুণোৎসৱত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও আজিৰ কেবিনেটে দিলে উৎসাহৰ বতৰা৷ গুণোৎসৱৰ দুটা বছৰত এ-প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়ত নিয়োজিত হৈ থকা সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে কেবিনেটে৷
কেবিনেটৰ এই সিদ্ধান্ত সদৰী কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২২ আৰু ২০২৩ বৰ্ষৰ গুণোৎসৱত যি বিদ্যালয়ে একেৰাহে দুবছৰ এ-প্লাছ গ্ৰেড লাভ কৰিব, সেই বিদ্যালয়ত নিয়োজিত হৈ থকা ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা হ’ব৷
মন্ত্ৰী ডাঃ পেগুৱে আৰু কয় যে আজিৰ কেবিনেটে দেশৰ বিখ্যাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এখন শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্তত অনুমোদন জনায়৷ আজিৰ কেবিনেটত এই সিদ্ধান্তত অনুমোদন জনোৱাৰ পাছত অতি সোনকালে অসম চৰকাৰ আৰু বিশ্ববিদ্যালয়খনৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হ’ব৷
এই আসন প্ৰতিষ্ঠা হোৱাৰ ফলত শ্ৰীমন্ত শংকৰদেৱৰ ভক্তি আন্দোলন, ভাৰততত্ত্ব, গৱেষণা আৰু অধ্যয়ন কৰাৰ সুবিধা থাকিব৷ এই আসনৰ দ্বাৰা ঐতিহ্য, বুৰঞ্জী, সভ্যতা বিশ্বদৰবাৰলৈ প্ৰসাৰিত হ’ব৷
এই আসনখনৰ বাবে ১০ কোটি টকা আৰু প্ৰাৰম্ভিক কাম-কাজৰ বাবে ১০ লাখ টকা মুকলি কৰি দিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয়৷
কেবিনেটে গ্ৰহণ কৰা আন কেইটামান সিদ্ধান্তৰ কথা সদৰী কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এতিয়াৰে পৰা স্কিল এডুকেশ্যন এটা উমৈহতীয়া মঞ্চলৈ আহিব৷ আগতে বিভিন্ন বিভাগে স্কিল এডুকেশ্যনৰ ব্যৱস্থা কৰিছিল৷
আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি স্কিল ইউনিভাৰ্ছিটী আৰু অসম দক্ষতা বিকাশ কতৃৰ্পক্ষৰ অধীনত স্কিল এডুকেশ্যন পৰিচালিত হ’ব৷ বিদ্যালয় একত্ৰীকৰণৰ ফলত যিবোৰ বিদ্যালয় খালী হৈ আছে, সেই বিদ্যালয়সমূহত স্কিল এডুকেশ্যনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
মন্ত্ৰী মল্লবৰুৱাই কয় যে প্ৰতিটো উন্নয়ন খণ্ডত স্কিল এডুকেশ্যনৰ ব্যৱস্থা কৰা হ’ব৷ ব্যক্তিগত বা চৰকাৰী খণ্ডৰ স্কিল এডুকেশ্যনৰ বাবে থকা আই টি আইসমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ ব্যৱস্থা কৰিব৷ মাচুলৰ নিৰিখৰ ভাৰসাম্য ৰক্ষাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷
মন্ত্ৰীজনে আৰু কয় যে বোমা বিস্ফোৰণ বা আনভাৱে আঘাতপ্ৰাপ্ত নন গেজেটেড আৰক্ষীৰ কেডাৰ পদলৈ প্ৰমোশ্যনত যি বাধা আছিল, সেই বাধা শিথিল কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনাইছে৷ ইফালে ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি পৰিচালনাৰ দায়িত্ব স্প’ৰ্টছ অথৰিটি অব্ আছাম আৰু ব’ৰ্ড অব্ স্প’ৰ্টছক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
আনহাতে গুৱাহাটী আৰু যোৰহাটত খেলা-ধূলাত অধিক পাৰদৰ্শিতা বৃদ্ধিৰ বাবে দুটা স্প’ৰ্টছ ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰাত কেবিনেটে অনুমোদন জনাইছে৷
Comments