গুৱাহাটী, ২৪ জানুৱাৰীঃ বলীউডৰ বহুতো তাৰকাৰ প্ৰেমকাহিনী প্ৰায়ে বিভিন্ন মাধ্যমত ওলাই থাকে। কিন্তু বলীউডৰ এনেকুৱা এটা প্ৰেমকাহিনী আছে যে মানুহে এতিয়াও অতি আগ্ৰহেৰে জানিবলৈ বিচাৰে। এই বিশেষ কাহিনীটো হ'ল অমিতাভ বচ্চন আৰু ৰেখাৰ। অমিতাভ বচ্চন আৰু ৰেখাৰ সম্পৰ্কৰ বিষয়টো পূর্বতে প্ৰায়ে আলোচনাৰ বিষয় হৈ আছিল। চিলচিলা চিনেমাখনত ৰেখা আৰু অমিতাভ বচ্চনক অনস্ক্ৰীণত দেখি সকলোৱে আচৰিত হৈ পৰিছিল। কিন্তু অমিতাভ বচ্চন, ৰেখা আৰু জয়া বচ্চনৰ সৈতে সম্পৰ্কিত এনে এটা কাহিনী আছে যিটে প্ৰায় কমসংখ্যক লোকেহে জানে। ইয়াছিৰ উচমানৰ ‘ৰেখা দ্য আনট’ল্ড ষ্টৰি’ নামৰ কিতাপখনত এই কাহিনীৰ উল্লেখ আছে।
ৰেখাৰ প্ৰেমৰ সম্পৰ্ক 'দো আনজানে' বোলছবিখনৰ ছেটত আৰম্ভ হৈছিল। ৰেখাই অমিতাভ বচ্চনৰ সৈতে এনেদৰে আচৰণ কৰিছিল যেন তেওঁ অমিতাভ বচ্চনৰ পত্নী। ইয়াছিৰ উচমানে উমৰাও জানৰ পৰিচালক মুজাফ্ফৰ আলীৰ কথা উদ্ধৃতি দি লিখিছে যে, "ৰেখাই কেতিয়াও অমিতাভ বচ্চনৰ নাম লোৱা নাছিল। যেতিয়া তেওঁ অমিতাভ বচ্চনক ফোন কৰিব লগা হৈছিল, তেওঁ এনে শব্দ ব্যৱহাৰ কৰিছিল যে ছেটৰ মানুহবোৰে ভাবিবলৈ বাধ্য হৈ পৰিছিল যে তেওঁ অমিতাভক তেওঁৰ স্বামী হিচাপে মানে। আনকি ৰেখাই বিখ্যাত চেট শ্ব' চিমি গাৰেৱালৰ সৈতে হোৱা কথোপকথনত কৈছে যে, "মই অমিতাভক অনুৰাগীৰ দৰে ভাল পাওঁ।"
Comments