Cartoon
View Older
গুৱাহাটী, ২৪ জানুৱাৰীঃ কে এল ৰাহুল আৰু আথিয়া চেট্টীয়ে সোমবাৰে তেওঁলোকৰ সম্পর্কক আনুষ্ঠানিক স্বীকৃতি দি বিবাহ পাশত আৱদ্ধ হয়। গোপনীয় আৰু মিডিয়া কভাৰেজ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা এই বিবাহৰ অনুষ্ঠান আথিয়াৰ পিতৃ অভিনেতা সুনীল চেট্টীৰ খাণ্ডালা ফাৰ্মহাউচত অনুষ্ঠিত হয় আৰু অতিথিসকলেও কঠোৰ ফোন নিষিদ্ধ নীতি অনুসৰণ কৰিব লগা হৈছে।
সূত্ৰ অনুসৰি, কে এল ৰাহুল দুপৰীয়া ২:৩০ বজাত বৰযাত্ৰী লৈ খাণ্ডালাৰ ফাৰ্মহাউচত উপস্থিত হয়। প্ৰকৃততে ফাৰ্মহাউচৰ ওচৰত ৰেডিচন হোটেল আছে য'ত দৰা ৰাহুল, তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গ কোঠা বুকিং কৰি আছে। ইয়াৰ লগতে আবেলি ৪:১৫ বজাত তেওঁলোকৰ বিবাহৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হয়।
Comments