গুৱাহাটী, ২৭ জানুৱাৰীঃ অহা এক ফেব্ৰুৱাৰীৰ পৰা নতুন ৰূপত প্ৰকাশ হ’ব দৈনিক জনমভূমি৷ আজি সেই উদ্দেশ্যে গুৱাহাটীৰ ভিভান্তা হোটেলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এতিয়াৰে পৰা দৈনিক জনমভূমি প্ৰকাশ হ’ব কাকতখনৰ পুৰনি অংশীদাৰ সুব্ৰত শৰ্মা আৰু এ কে টেলিভিজনৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ অংশীদাৰীত্বত৷
অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটিত ‘সংবাদ মাধ্যমত কৰ্প’ৰেইট গোষ্ঠীৰ হাতোঁৰা’ আৰু ‘বাতৰি কাকতৰ ভৱিষ্যত’ সম্পৰ্কে দুখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে আঁতধৰা ‘সংবাদ মাধ্যমত কৰ্প’ৰেইট গোষ্ঠীৰ হাতোঁৰা’ শীৰ্ষক আলোচনা চক্ৰত ভাগ লয় ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী, সাংসদ ভৰত নৰহ আৰু ড° নৱনীল বৰুৱায়ো ভাগ লোৱাৰ লগতে জনসংযোগ মন্ত্ৰী পিয়ুষ হাজৰিকা, সুব্ৰত শৰ্মা আৰু সঞ্জীৱ নাৰায়ণ, প্ৰশান্তজ্যোতি বৰুৱাকে আদি কৰি আন বহু গণ্য-মাণ্য লোক উপস্থিত থাকে৷
Comments