সোণাৰি ২৭ জানুৱাৰী: চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত ১০৬ নং সোণাৰি বিধানসভা আৰু ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাত জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰা অনুসৰি চৰাইদেউ জিলাৰ মুঠ ভোটকেন্দ্ৰ হৈছে ৩৬৩। ইয়াৰে ভিতৰত ১০৬ নং সোণাৰি সমষ্টিৰ অন্তৰ্গত মুঠ ভোট কেন্দ্ৰ হৈছে ২০২ টা আৰু ১০৫ নং মাহমৰা সমষ্টিৰ মুঠ ভোট কেন্দ্ৰ হৈছে ১৬১ টা।
উল্লেখযোগ্য যে, ১০৬ নং সোণাৰি সমষ্টিৰ অন্তৰ্গত মুঠ ১,৮২,৯০০ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৯১,২৪৮ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৯১,৬৫২ গৰাকী।
অন্যহাতে, ১০৫-নং মাহমৰা সমষ্টিৰ অন্তৰ্গত মুঠ ১,৪১,০০৯ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৬৯,৯৮৪ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৭১,০২৫ গৰাকী।
এই চূড়ান্ত ভোটাৰ তালিকা চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ সমূহ ভোটকেন্দ্ৰত উপলব্ধ হ'ব বুলি জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
আজিৰ সভাত চৰাইদেউ জিলাৰ নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে।
Comments