সৰ্থেবাৰী, ২৭ জানুৱাৰী:বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ অংশ হিচাপে যোৱা ২৭ জানুৱাৰীত এখন আন্ত:বিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। দশম শ্ৰেণী পৰ্যন্ত মুকলি থকা এই কুইজ প্ৰতিযোগিতাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ৰবেন্দ্ৰ কুমাৰ দাসে। অসমৰ জনপ্ৰিয় কুইজ পৰিচালক দীপাংকৰ কৌশিকে পৰিচালনা কৰা এই প্ৰতিযোগিতাখনত ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সৰ্বমুঠ ১৮ টা দলে অংশগ্ৰহণ কৰে।
দুজনীয়া সদস্যৰে গঠিত উক্ত প্ৰতিযোগিতাখনত শংকৰদেৱ শিশু নিকেতন, ৰঙিয়াক প্ৰতিনিধিত্ব কৰি হৰ্ষজিৎ দাস আৰু ধৃতিষ্মান শৰ্মাৰ দলটোৱে প্ৰথম স্থান দখল কৰে। প্ৰতিযোগিতাখনত লিটিল ফ্লাৱাৰ স্কুল, নলবাৰীক প্ৰতিনিধিত্ব কৰি বিবেক বৰ্মন আৰু সুৰজ আহমেদৰ দলে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে শংকৰদেৱ শিশু নিকেতন, ইচ্ছাদঘৰীয়াৰ মঞ্জিষ্ঠা কুমাৰ আৰু বাঞ্ছিতা শৰ্মাৰ দলে তৃতীয় স্থান লাভ কৰে। কুইজৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা দলসমূহে ট্ৰফীসহ ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰাৰ লগতে মূল পৰ্যায়লৈ উত্তীৰ্ণ হোৱা আন ৫ টা দলক মানপত্ৰসহ ৫০০ টকাকৈ আগবঢ়োৱা হয়।
Comments