গুৱাহাটী, ২৮ জানুৱাৰীঃ সকলোৱে নিশ্চয় ইতিহাসৰ তথ্যত পাইছে যে প্ৰাচীন কালত আদিমানৱে কিদৰে শিল ঘঁহি জুই উৎপন্ন কৰিছিল। বৰ্তমান দিয়াশলাই ব্যৱহাৰ কৰা স্বত্বেও জুই জ্বলাবলৈ দেশৰ বহু ঠাইত এই পুৰণি পদ্ধতি অৱলম্বন কৰা হয়। কিন্তু শেহতীয়াকৈ আফ্ৰিকা মহাদেশৰ দেশ কঙ্গোত এক অদ্ভুত তথ্য পোহৰলৈ আহিছে। য'ত মানুহবোৰে দাবী কৰিছে যে আফ্ৰিকাত পোৱা শিলবোৰে বিদ্যুৎ উৎপাদন কৰিব পাৰে। সেয়াও ইমান বেছি যে সেই বিদ্যুৎৰ পৰা এটা বাল্ব জ্বলাব পাৰি। সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এটা ভিডিঅ'ত দেখুওৱা হৈছে যে কেনেদৰে দুটা শিল ঘঁহি শক্তিশালী বিদ্যুৎ কৰিব পাৰি। এই বিষয়টো পৃথিৱীৰ কিছুমান বিজ্ঞানীৰ দৃষ্টিগোচৰ হৈছে।
ভিডিঅ'টো চোৱাৰ পিছত, বিজ্ঞানীসকলে এনেদৰে বিদ্যুৎ উৎপাদন কৰা বিষয়টো অস্বীকাৰ কৰিছে। ইয়াৰ লগতে, এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ স্কুল অৱ জিঅ'চাইন্সৰ অধ্যাপক ষ্টুৱাৰ্টে এই সন্দৰ্ভত কৈছে যে, "মোৰ সন্দেহ হৈছে, কিয়নো দুটা শিল এনেদৰে ঘঁহি ঘৰৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা পৰ্যাপ্ত বিদ্যুৎ উৎপাদন কৰিব নোৱাৰে। যিসকল মানুহে শিলবোৰ ঘঁহি বিদ্যুৎ উৎপন্ন কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকে হাতমোজা পিন্ধি আছে। হাতমোজাতে নিশ্চয় কিবা লুকাই থাকিব পাৰে। ধাতৱীয় সামগ্ৰীবোৰ বিদ্যুৎ পৰিবাহী আৰু এয়া সম্ভৱ যে হাতমোজাৰ পৰা নিৰ্গত হোৱা বিদ্যুৎৰ স্পাৰ্ক শিলৰ মাজত দৃশ্যমান হৈছে।"
Comments