গুৱাহাটী, ২৯ জানুৱাৰীঃ বিজ্ঞানীসকলে বিশ্বাস কৰে যে পৃথিৱীৰ কিছুমান ৰহস্য এতিয়াও বহু নিলগত আছে, য'ত এনে বহুতো প্ৰাণী থাকিব পাৰে যাৰ বিষয়ে কোনেও হয়তো একো নাজানে। কেতিয়াবা এই প্ৰাণীবোৰ ধৰা পৰে আৰু সকলোকে আচৰিত কৰি তোলে। ঠিক তেনেদৰে, শেহতীয়াকৈ এখন ছবি সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে য'ত ঘড়িয়ালৰ মুখৰ দৰে এটা মাছ বাপেক-পুতেকে নদীৰ পৰা ধৰি আনিছে। এই মাছটোক এলিগেটৰ গাৰ ফিছ বুলি জনা যায়। এই মাছটোৰ ওজন প্ৰায় ৭০ কিলোগ্ৰাম আৰু দৈৰ্ঘ্য প্ৰায় ৭ ফুট।ইপিনে, বিশেষজ্ঞসকলে এই সন্দৰ্ভত কৈছে যে, "এই মাছৰ প্ৰজাতিটো ডাইনোচৰৰ যুগতকৈ পুৰণি।
বিশেষকৈ মিঠা পানীৰ নদীত এলিগেটৰ গাৰ মাছ পোৱা যায়। বাপেক-পুতেকহালে এই মাছটো ধৰিবলৈ ২ ঘণ্টাতকৈও অধিক সময় লাগিছিল। মাছ ধৰা মানুহ কিথ ডিছ আৰু তেওঁৰ পুতেকে মাছটোৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ লগে লগে ই নিমিষতে ভাইৰেল হৈ পৰিছে। এই মাছটোক এলিগেটৰ গাৰ মাছ বুলি কোৱা হয় কিয়নো ইয়াৰ দাঁতবোৰ এলিগেটৰ অৰ্থাৎ ঘড়িয়ালৰ দৰে দেখি। এই মাছবোৰৰ সৰ্বাধিক দৈৰ্ঘ্য ১০ ফুটলৈকে হ'ব পাৰে আৰু ই খাদ্যৰ বাবে পানীত থকা সৰু মাছ, পানীৰ ওপৰত থকা প্ৰাণী আৰু কাষৰতে উৰি থকা চৰাইবোৰক চিকাৰ কৰে। কেতিয়াবা এই মাছটোৱে আনকি কাছও চিকাৰ কৰে।
Comments