গুৱাহাটী, ২৮ জানুৱাৰীঃ শনিবাৰে পুৱা মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ বিমান ঘাটিৰ পৰা উৰা মৰা চুখই এছইউ-৩০ এমকেআই আৰু মিৰাজ ২০০০ যুঁজাৰু বিমান মোৰেনাত অনুশীলন কৰি থকা সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। মধ্য প্ৰদেশৰ মোৰেনাত আইএএফ চুখোই চু-৩০ এমকেআই, মিৰাজ ২০০০ যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ স্থানীয় লোকে প্ৰত্যক্ষ কৰে। উক্ত ঘটনা সন্দৰ্ভত আইএএফ বিষয়াসকলে জানিবলৈ দিয়ে যে, "ঘটনাটোৰ সম্পূৰ্ণ মূল্যায়ন কৰাৰ পিছত ঘটনাটোৰ বিৱৰণ ভাগ বতৰা কৰা হ'ব। শেহতীয়া আপডেট অনুসৰি, বিমানবোৰৰ ধ্বংসাৱশেষ পোৱা গৈছে। অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। পুৱা প্ৰায় ১০-১০.১৫ বজাত এখন বিমান দুৰ্ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছো। পৰৱৰ্তী সময়ত ঘটনাস্থলীলৈ আহি এখন আইএএফ যুঁজাৰু বিমানৰ ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰা হয়।
ইপিনে, দুৰ্ঘটনাটোৰ সময়ত চুখই-৩০ত ২ জন পাইলট আছিল আৰু মিৰাজ ২০০০ ত এজন পাইলট আছিল। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ২ জন পাইলট সুৰক্ষিত অৱস্থাত আছে আনহাতে আইএএফৰ এখন হেলিকপ্টাৰ শীঘ্ৰেই তৃতীয় জন পাইলটৰ অৱস্থানত উপস্থিত হৈছে বুলি প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰিছে।
Comments