গুৱাহাটী, ২৮ জানুৱাৰীঃগুৱাহাটী মহানগৰৰ বহু ব্যস্ত পথত এতিয়াও চলি আছে গাড়ী-মটৰৰ গেৰেজৰ কাম৷এনে একাংশ গেৰেজে পথৰ একাংশ আবদ্ধ কৰি যান-বাহন মেৰামতি কৰাৰ লগতে বহু বিকল বাহন দিনে-নিশাই পথতে ৰাখি আহিছে৷বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগম, জিলা প্ৰশাসনে বেআইনী ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদ কৰি আহিছে যদিও এনেধনৰ মটৰ গেৰেজ বহু ঠাইত চলি আছে৷
মহানগৰৰ এ টি ৰ’ড, বেলতলা ৰ’ড, ভি আই পি ৰ’ড কালাপাহাৰ আদিত পথতে এনে দোকান-পোহাৰ আছে৷এনেবোৰ পথত মটৰ গেৰেজো চলি আছে৷যাৰ বাবে বহু সময়ত যান-জঁটৰ সমস্যাই দেখা দিয়ে৷উল্লেখযোগ্য যে জিলা উপায়ুক্তই সকলো ব্যস্ত পথৰ পৰা অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে পাৰ্কিং আদিও উঠাই দিবলৈ বহু সময়ত নিদেৰ্শ দি আহিছে৷
গুৱাহাটীত প্ৰত্যেক দিনে যান-বাহন সংখ্যা বাঢ়িবলৈ ধৰাত মহানগৰৰ আটাইবোৰ পথ এতিয়া ঠেক হৈ পৰিছে৷ইয়াৰ মাজতে এই ব্যস্ত পথৰ একাংশ এতিয়াও অবৈধ পাকিং, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিয়ে দখল কৰি থকাত আৰু অসুবিধাৰ সৃষ্টি হৈছে৷গতিকে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকে প্ৰয়োজনীয়৷
Comments