গুৱাহাটী, ২৮ জানুৱাৰীঃ পূব ভাৰতৰ এখন আগশাৰীৰ চকু চিকিৎসা প্ৰতিষ্ঠান ERCLens.com উত্তৰ লখিমপুৰত শনিবাৰে উদ্ধোধন কৰা হয়। এতিয়ালৈ ৫ লাখতকৈ অধিক ৰোগীৰ সফলতাৰে চকুৰ চিকিৎসা সম্পন্ন কৰাৰ পাছত অসম, পশ্চিম বংগ, নগালেণ্ড আৰু বিহাৰৰ শাখাবোৰৰ লগতে, ERCLens.com এ সমগ্ৰ উত্তৰ লখিমপুৰৰ জনসাধাৰণক কম ব্যয়তে উচ্চ মানদণ্ডৰ চকুৰ চিকিৎসা প্ৰদান কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰিছে। অসম ভিত্তিক এক ষ্টাৰ্ট-আপ কোম্পানী ERCLens.com ৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশ্ব বেংকৰ ৱাশ্বিংটন ডিচি কাৰ্যালয়কে আদি ধৰি বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। লগতে ২০২০ চনত, বিশ্বজুৰি শীৰ্ষ ৫০ উদীয়মান টেক কোম্পানী সমূহৰ ভিতৰত অন্তৰ্ভূক্ত কৰি পুৰস্কৃত কৰা হৈছে।
ইপিনে, উত্তৰ লখিমপুৰৰ সৌমৰপীঠ চিকিৎসালয়ে সাধাৰণ ৰোগীৰ উৎকৃষ্টমানৰ চকু চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে ERCLens.com ক আমন্ত্ৰণ জনাইছে। চকুৰ ছানি ধৰাৰ দৰে সাধাৰণ অস্ত্ৰোপচাৰৰ বাবে নেপাল বা অন্য দুৰণিবতিয়া ঠাইলৈ দীঘলীয়া ভ্ৰমণ কৰিবলগীয়া হোৱা লোকসকলে এতিয়াৰে পৰা এই কেন্দ্রতে সুবিধা লাভ কৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মাৰ্কেটিং বিভাগৰ সৈতে জড়িত ডেইজী শইকীয়াই কয় যে, "উত্তৰ লখিমপুৰৰ সকলো জাতি- জনগোষ্ঠীক সেৱা আগবঢ়াবলৈ পাই ERCLens.com অতিশয় আনন্দিত। যি সমূহ অঞ্চলত এতিয়াও চকু চিকিৎসা সেৱা সহজলভ্য নহয়, তেনে ঠাই সমূহত সেৱা আগবঢ়াবলৈ ই.আৰ.চি অতিকৈ আগ্ৰহী। কিছু পলমকৈ হ'লেও আমাৰ সম্পূৰ্ণ সেৱাসমূহ ইয়াত উপলব্ধ হোৱাৰ বাবে আমি যথেষ্ঠ সুখী। উত্তৰ লখিমপুৰৰ ৰাইজৰ বাবে ই.আৰ.চিৰ সকলো সেৱা www.erclens.com ত উপলব্ধ হৈ থাকিব।"
Comments