Cartoon
View Older
গুৱাহাটী, ২৮ জানুৱাৰীঃ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত হ'ব বৃহৎ পৰিৱৰ্তন।নতুন শিক্ষা নীতিৰে অনুস্থিত হ'ব ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষা।এইবাৰ গনিত,ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ত দুখনকৈ হ'ব উত্তৰ বহী।প্ৰথমখন৮ পৃষ্ঠাৰ বহীত বস্তুনিষ্ঠ আৰ্হিৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব।আনহাতে দ্বিতীয়খন ১৬ পৃষ্ঠাৰ বহীত কৰিব লাগিব বৰ্ণনাত্মক আৰ্হিৰ প্ৰশ্নৰ উত্তৰ।
উল্লেখযোগ্য যে ১২ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হব এডমিট কাৰ্ড।ৰাজ্যৰ ৯১২ টা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব প্রায় ৪.২৩ লাখ পৰীক্ষাৰ্থী।ব্যৱহাৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব ৬২,০০০ পৰীক্ষাৰ্থী।
Comments