গুৱাহাটী, ২৮ জানুৱাৰীঃজ্যোতির্বিজ্ঞানে বিশ্বব্রহ্মাণ্ডৰ শেষৰ ফালৰ কথা জনা তথা বিগ বেঙৰ পাছৰ মুহূৰ্তৰ কথা জানিবলৈ চেষ্টা কৰি থকাৰ মাজতে আমাৰ সৌৰজগতৰ বাহিৰত থকা পৃথিৱী সদৃশ গ্রহৰ তালিকা ডাঙৰ হৈ গৈছে।জ্যোতির্বিজ্ঞানীসকলে দুটা গ্ৰহৰ সন্ধান লাভ কৰিছে যিকেইটা পৃথিৱীৰ সমানেই ডাঙৰ আৰু বাসযোগ্য হ'ব পাৰে।
জিজে ১০০২ বি আৰু চি নামৰ এই গ্ৰহ দুটা সিহঁতৰ তাৰকাৰ পৰা সঠিক দূৰত্বত আছে।ইয়াৰ ফলত যদি গ্ৰহ দুটাৰ সঠিক বায়ুমণ্ডল থাকে তেস্তে গ্ৰহ দুটাৰ পৃষ্ঠত পানীৰ গঠন হ'ব পাৰে।পৃথিৱীতকৈ অলপ ভৰ বেছি থকা জি জে ১০০২ বিগ্ৰহটো হৈছে দুয়োটাৰে ভিতৰত পৃথিৱীৰ বেছি ওচৰৰ।
এই গ্ৰহটোৰ এটা বছৰ হ'ল মাত্র ১০ দিন।অর্থাৎ গ্ৰহটোৱে তাৰ তাৰকাক প্রদক্ষিণ কৰিবলৈ মাত্র ১০ দিন সময় লাগে।ইফালে চি গ্ৰহটো পৃথিৱীতকৈ পৃথিৱীৰ এক তৃতীয়ভাগ গধুৰ নিজৰ তাৰকা প্ৰদক্ষিণ কৰিবলৈ ইয়াক সময় লাগে ২০ দিন।
Comments