গুৱাহাটী, ২৮ জানুৱাৰীঃ এ আই ইউ ইষ্ট জ'ন ইণ্টাৰ ইউনিভাৰ্ছিটি হেণ্ডবল (মহিলা) আৰু চেছ (মহিলা) টুৰ্ণামেণ্ট ২০২২-২৩ আজিৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয়ত আৰম্ভ হৈছে। নতুন দিল্লীৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটি (এ আই ইউ)ৰ তত্বাৱধানত ইউ এছ টি এমে এই আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰিছে। মহিলা দুটা শাখাত পূব মণ্ডলৰ অন্তৰ্গত মুঠ ২৬ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই খেল সমূহ ৩১ জানুৱাৰীলৈকে চলিব।
অনুষ্ঠনটো মুকলি কৰে ইষ্ট জ'ন হেণ্ডবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি শ্ৰী কল্যাণ গগৈ আৰু সদৌ অসম চেছ এছ'চিয়েশ্যনৰ সভাপতি শ্ৰী কন্দৰ্প কলিতাই । এক বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত ইউ এছ টি এমৰ খেলপথাৰত পাঁচ শতাধিক হেণ্ডবল আৰু দাবা খেলুৱৈয়ে অংশগ্ৰহণ কৰে। হেণ্ডবল প্ৰতিযোগিতাখনত ২০ টা দলে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে চেছ প্ৰতিযোগিতাখনত ২২ টা দলে খেলিব।
বিশিষ্ট ৰেফাৰী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত এ আই ইউ আৰু ইউ এছ টি এমৰ পতাকা উত্তোলন কৰে ইউ এছ টি এমৰ প্ৰ' উপাচাৰ্য ড০ বলেন্দ্ৰ কুমাৰ দাস, উপদেষ্টা ড০ আৰ কে শৰ্মা, কল্যাণ গগৈ আৰু কন্দৰ্প কলিতাই। পতাকা উত্তোলনৰ পিছতে অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। তাৰপাছত 'পূব মণ্ডল আন্তঃ বিশ্ববিদ্যালয় হেণ্ডবল (মহিলা) আৰু চেছ (মহিলা) টুৰ্ণামেণ্ট ২০২২-২৩ মুকলি বুলি ঘোষণা কৰা হয়।
খেলুৱৈসকলক উদ্দেশ্যি প্ৰবীণ খেলুৱৈ কল্যান গগৈয়ে কয়, "হেণ্ডবলত আজিকালি যথেষ্ট সম্ভাৱনা আছে। এনে বিশ্ববিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰাই ভাৰতীয় দলক প্ৰতিনিধিত্ত্ব কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকল ওলায়। ইউ এছ টি এমে প্ৰদান কৰা সুন্দৰ আন্তঃগাঁথনি দেখি মই আনন্দিত।"
প্ৰসংগক্ৰমে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে কয় যে দেশৰ যুৱ প্ৰজন্মক শৈক্ষিক দিশৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে বিশ্ববিদ্যালয়খনে এনে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে। ইউ এছ টি এমে সদায় ক্ৰীড়াক উত্সাহিত কৰে কাৰণ এইটো এনে এটা ক্ষেত্ৰ যিয়ে দেশ তথা বিশ্বৰ জনসাধাৰণৰ মাজত একতা, শান্তি আৰু সম্প্ৰীতি সমৃদ্ধ কৰে। ইয়াৰ পূৰ্বে আদৰণী ভাষণ প্ৰদান কৰে ডo বি কে দাসে আৰু ডo আৰ কে শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।
এই আটাইতকৈ গুৰুত্তপূৰ্ণ আন্তঃবিশ্ববিদ্যালয় অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশ্ববিদ্যালয়সমূহ হ'ল অটল বিহাৰী বাজপেয়ী বিশ্ববিদ্যালয় বিলাসপুৰ, বঢ়মপুৰ বিশ্ববিদ্যালয় ওড়িশা, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, হেমচাঁদ যাদৱ বিশ্ববিদ্যালয় দুৰ্গ, কল্যাণী বিশ্ববিদ্যালয়, ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, এম জি কাশী বিদ্যাপীঠ, পি টি ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয় ৰায়পুৰ, সন্ত গহীৰা বিশ্ববিদ্যালয়, শ্বহীদ মহেন্দ্ৰকৰ্মা বিশ্ববিদ্যালয় বাষ্টাৰ, শ্বহীদ নন্দকুমাৰ পাতাল বিশ্ববিদ্যালয় ৰায়গড়, টি এম ভাগলপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বৰ্ধমান বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, কলিকতা, উত্কল বিশ্ববিদ্যালয় ভূৱনেশ্বৰ, বীৰ বাহাদুৰ সিং পূৰ্বাঞ্চল বিশ্ববিদ্যালয় জৌনপুৰ, পশ্চিমবংগ ৰাজ্যিক বিশ্ববিদ্যালয়, সিদো কাহ্নু মুৰ্মু বিশ্ববিদ্যালয়, মগধ বিশ্ববিদ্যালয়, যাদবপুৰ বিশ্ববিদ্যালয় কলকাতা, বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় বিহাৰ, এ পি এছ ইউ এম, বিনোবা ভাৱে বিশ্ববিদ্যালয় হাজৰিকাবাগ, আদামাছ বিশ্ববিদ্যালয় আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয়।
Comments