Cartoon
View Older
গুৱাহাটী,২৯ জানুৱাৰী:ভ্ৰমণকাৰী নিউজিলেণ্ডৰ বিৰুদ্ধে আজি ইকানা ষ্টেডিয়ামত দ্বিতীয়খন তথা নির্ণায়ক মেচখন খেলিব টীম ইণ্ডিয়াই । কিন্তু পৰাজয় মানেই শৃংখলা হেৰুৱাব ভাৰতে। প্ৰথমখন মেচত শীৰ্ষ বেট্ছমেনে ৰান কৰিব নোৱৰাৰ বাবেই পৰাজয় হয় ভাৰতৰ।
দলৰ সাল- সলনি নকৰাৰ ইংগিত দিছে যদিও ঈশান কিশানৰ কথা ভাবি চাব পাৰে । নহ'লে ফৰ্মত থকা পৃথ্বী শ্বক আনিব পাৰে। ঘৰুৱা পৰিৱেশত কাইলৈ কুলদ্বীপ যাদৱে খেলাটো নিশ্চিত। বলিঙত অৰ্শদ্বীপ সিঙে যোৱা মেচখনত অত্যধিক ৰান দিয়াৰ বাবে ছাবষ্টিটিউট বেঞ্চত বহিবলগা হ'ব পাৰে ।
ইফালে টীম ইণ্ডিয়াৰ ৰণকৌশল বুজি আজি এদিনীয়া শৃংখলা হেৰুৱাৰ পোতক তোলাৰ লক্ষ্যৰে নামিব ছেণ্টনাৰ বাহিনী। ফিন এলেন, ডেভন কনৱে, ব্ৰেচৱেল সুন্দৰ ফৰ্মত। গতিকে টীম ইণ্ডিয়াই আজি কেনে খেল প্রদর্শন কৰে সেয়া হ'ব লক্ষণীয়।
Comments