Cartoon
View Older
গুৱাহাটী,২৯ জানুৱাৰী:অসম টাগ অৱ ৱাৰ সন্থাৰ তত্ত্বাৱধানত ১১ সংখ্যক আন্তঃজিলা ‘টাগ অৱ ৱাৰ’ প্ৰতিযোগিতাখন কামৰূপ জিলাৰ মিৰ্জাৰ হৰমোহন গোস্বামী আদর্শ প্রাথমিক বিদ্যালয়ৰ খেলপথাৰত ১১-১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব।
অসম টাগ অৱ ৱাৰ সন্থাৰ কাৰ্যকৰী সভাপতি বিবেকানন্দ হাজৰিকাই জনোৱামতে কামৰূপ জিলা টাগ অৱ ৱাৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনত ১২ খন জিলাৰ পুৰুষ আৰু মহিলাৰ দুশৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিছে।
পুৰুষৰ ৬৪০ কিল'গ্ৰাম আৰু মহিলাৰ ৪৮০ কিল’গ্রাম কেটেগ'ৰীত অনুষ্ঠিত হ'বলগীয়া প্রতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰিবলৈ বিধায়ক হেমাংগ ঠাকুৰীয়াক সভাপতি হিচাপে লৈ এখন ২৫ জনীয়া অভ্যর্থনা সমিতি ইতিমধ্যে গঠন কৰা হৈছে।
Comments