নলবাৰী,২৯ জানুৱাৰীঃ ২০২৩ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা শোনিতপুৰ জিলাৰ বিহুগুৰি মৌজাৰ পিঠাখোৱা গাৱঁৰ লোকশিল্পী অনিৰাম নাথলৈ আগবঢ়োৱা হৈছে।আজি নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেল যোগে ঘোষণা কৰে এই বঁটা। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুউদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ , সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থকা আজিৰ সংবাদমেলত কয় যে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ ইং চনৰ পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনত পুণ্য প্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা,২০১২ চনত মাণিক শইকীয়া ওজা , ২০১৩ চনত ৰূহীন ৰাভা , ২০১৪ চনত দ্বেজেন গগৈ, ২০১৫ প্ৰভাত শৰ্মা , ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী , ২০১৮ চনত লোকনাথ কুটুমক প্ৰদান কৰা হয় যদিও ২০১৯ ৰ কা আন্দোলন আৰু ২০২০ কোভিড মহামাৰিৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগল , ২০২১ হৰেকৃষ্ণ তালুকদাৰ, ২০২২ নিকুঞ্জ পাঠকক।
এইবেলি অৰ্থাৎ ২০২৩বৰ্ষৰ মোহন ভাইৰা স্মাৰক বটাঁ প্ৰদান কৰা হব বিশিষ্ট লোকশিল্পী , লোক সংস্কৃতিৰ সাধক শোনিতপুৰ জিলাৰ বিহুগুৰি মৌজাৰ পিঠাখোৱা গাঁৱৰ অনিৰাম নাথক ।
সৰুৰে পৰা ঢোল, নাগাৰা,দোঁতাৰা , পেপা, বাঁহী আৰু গগনাৰ প্ৰতি আগ্ৰহী নাথে অহা ১ ফেব্ৰুবাৰী ত নলবাৰীত অনুষ্ঠিত হব লগা বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব উপস্হিত থাকিব ।বটাঁ প্ৰদান কৰিব বিশিষ্ট ব্যক্তিয়ে । নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হবলগীয়া উক্ত বটা প্ৰদান অনুষ্ঠানত বটাঁৰ লগতে নগদ ধন, স্মাৰক ,ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ চেলেং নগদ ধন আদি প্ৰদান কৰা হব।
অনিৰাম নাথৰ পিতৃ প্ৰয়াত খৰ্গেশ্বৰ নাথ আৰু মাতৃ খৰ্গে দেৱী । আৰ্থিক অভাৱৰ বাবে তৃতীয় শ্ৰেনীলৈ পঢ়া লোকশিল্পী নাথে ১৯৬৭ চনত গহপুৰৰ বিশিষ্ট ঢোলৰ ওজা মহেন্দ্ৰ শইকীয়াৰ ওচৰত আনুস্থানিক ঢোলৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৬৬ চনত তেজপুৰ ৰঙামাটিৰ বিহু মেলাত ঢোল বজাই কলাগুৰু বিষ্ণু ৰাভাৰ সান্নিধ্য লাভ কৰি ৰাভাৰ আশীৰ্বাদ লাভ কৰে। ১২ বছৰ বয়সৰ পৰা ঢোল বাদন কৰা লোকশিল্পী গৰাকীয়ে অসমৰ বিভিন্ন ঠাইত ঢোলবাদন কৰি ৰাইজৰ সমাদৰ বুটুলিবলৈ সক্ষম হয় শিল্পী গৰাকীয়ে । ২০১৮-১৯ বৰ্ষত তেজপুৰত কলাগুৰু সংগীত মহোৎসৱত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে কলাগুৰু বঁটা প্ৰদান কৰে এই শিল্পী গৰাকীক । ১৯৬৭ চনত গহপুৰ ডুবিয়াৰ ওজা প্ৰয়াত মহেন্দ্ৰ শইকীয়াই তেখেতক ঢোলৰ ওজা উপাধি প্ৰদান কৰে । কলাৰ প্ৰতি একান্ত আনুগত্য আৰু গাম্ভীৰ্যপুৰ্ণ ব্যক্তিসত্তা অধিকাৰী নাথে ঢোল, খোল, নাগাৰা, দোঁতাৰা, টোকাৰী, পেপা, বাঁহী আৰু গগনা বজোৱাত অতি পাৰ্গত ।
Comments