গুৱাহাটী, ৩০ জানুৱাৰীঃ যদি কোনোবাই ভাবে যে গোটেই বিশ্বত ১২ মাহ মিলি ১ বছৰ হয়, তেনেহ'লে সেয়া ভুল। কিয়নো, এইখন পৃথিৱীতে এনে এখন দেশ আছে য'ত এটা বছৰ ১২ মাহৰ সৈতে নহয় বৰঞ্চ ১৩ মাহৰ সৈতেহে সম্পূৰ্ণ হয়। এইকাৰণেই বিশ্বৰ বাকী দেশবোৰত ২০২৩ বৰ্ষ চলি থকাৰ বিপৰীতে এই বিশেষ দেশখনত এতিয়াও ২০১৫ চনহে চলি আছে। এই বিশেষ দেশখন হৈছে ইথোপিয়া। প্ৰতি ১৩ মাহৰ অন্তত এই দেশখনত নতুন বছৰ হয়। আফ্ৰিকাৰ এই দেশখনত ১৩ মাহৰ সৈতে এবছৰ হোৱাৰ কাৰণটো হ'ল ইথিওপিয়াৰ কেলেণ্ডাৰ পৃথিৱীৰ আন দেশতকৈ পৃথক। এইখন দেশে জুলিয়াছ চিজাৰে সৃষ্টি কৰা জুলিয়ান বৰ্ষপঞ্জী অনুসৰণ কৰে আনহাতে বাকী বিশ্বই গ্ৰেগৰিয়ান বৰ্ষপঞ্জী গ্ৰহণ কৰি আহিছে।
গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ গ্ৰেগৰীয়ে ১৫৮২ চনত ১৩ টা মাহেৰে আৰম্ভ কৰিছে। তেওঁ জুলিয়ান বৰ্ষপঞ্জী উন্নত কৰি এই কেলেণ্ডাৰ তৈয়াৰ কৰে আৰু ১ জানুৱাৰীক নতুন বছৰৰ প্ৰথম দিন হিচাপে ঘোষণা কৰিছিল। এই কেলেণ্ডাৰ সমগ্ৰ বিশ্বতে প্ৰযোজ্য। কিন্তু ইথিওপিয়াই ইয়াক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি পুৰণি জুলিয়ান বৰ্ষপঞ্জীখনে ৰূপায়ণ কৰি আহিছে।
Comments