Cartoon
View Older
গুৱাহাটী, ৩০ জানুৱাৰীঃ প্ৰাচীন ইতিহাসৰ হাজাৰ হাজাৰ ৰহস্য ইজিপ্তৰ ভূগৰ্ভত সমাধিস্থ হৈ আছে। যাৰ অনুসন্ধানৰ সময়চোৱাত শেহতীয়াকৈ গৱেষকৰ এটা দলে প্ৰায় ৪৩০০ বছৰ পুৰণি সোণত মেৰিয়াই থোৱা এটা মামি উদ্ধাৰ কৰিছে। এই মামিটোৰ নাম হৈছে 'হেকাশ্বেপছ', যি প্ৰায় ৫০ ফুট গভীৰতাত চুনা পাথৰেৰে নিৰ্মিত কফিনত পোৱা যায়।
বিখ্যাত ইজিপ্তৰ পুৰাতত্ত্ববিদ জাহি হাৱাছে গিজাৰ পিৰামিডৰ ওচৰৰ চাকাৰা নেক্ৰোপলিছত এটা ৪৩০০ বছৰ পুৰণি মামি উদ্ধাৰ কৰিছে। এই মামিটো এজন পুৰুষৰ। এই মামিটো ইজিপ্তত পোৱা আটাইতকৈ পুৰণি মামি হিচাপে বিবেচিত হৈছে।
Comments