গুৱাহাটী,৩১ জানুৱাৰী:ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ৩১ সংখ্যক প্রতিষ্ঠা দিৱসত ভাষণ প্ৰদান কৰিব। এইবাৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে-সশক্ত নাৰী সশক্ত ভাৰত অৰ্থাৎ সৱল নাৰী সৱল ভাৰত। এই বিষয়বস্তুৰ জৰিয়তে নিজ নিজ কৰ্মৰাজিৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত-উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা মহিলাসকলৰ জীৱন কাহিনীক অনুপ্ৰেৰণাৰ স্ৰোতৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী আৰু মহিলা আৰু শিশু কল্যাণ ৰাজ্যমন্ত্ৰী ডাঃ মুপাৰা মহেন্দ্ৰ ভাইও অনুষ্ঠানত উপস্থিত থাকিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মহিলা আয়োগৰ লগতে দূতাবাস, ন্যায়পালিকাৰ প্ৰতিনিধি, অন্যান্য বিভাগ তথা বেচৰকাৰী সংস্থাসমূহেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
আয়োগে ৩১ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপনৰ উদ্দেশ্যে আজি আৰু কাইলৈ দুদিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাৰ্যসূচীৰ দ্বিতীয় দিনা প্ৰেৰণামূলক আৰু সৱলীকৰণৰ পথত অভূতপূর্ব অৱদান আগবঢ়োৱা বহুকেইগৰাকী মহিলাৰ সৈতে আলোচনাচক্র অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ১৯৯০ৰ মহিলা নীতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধীনত ১৯৯২ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন হৈছিল। মহিলাসকলৰ সাংবিধানিক তথা ন্যায়িক সুৰক্ষাৰ পৰ্যবেক্ষণৰ লগতে তেওঁলোকক আইনগত দিশত পৰামৰ্শ প্ৰদান, বিভিন্ন ওজৰ আপত্তিৰ নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে এই আয়োগ গঠন কৰা হৈছিল।
Comments