Cartoon
View Older
গুৱাহাটী,৩১ জানুৱাৰীঃ৪ বছৰ পিছত বলীউডত কিং খানৰ যাদু।শ্বাহৰুখ খানৰ ‘পাঠান' নামৰ চলচ্চিত্ৰখনে বিপুল জনপ্রিয়তা অৰ্জন কৰিছে।চলচ্চিত্ৰখনে মুক্তিৰ প্রথম সপ্তাহতে বিশ্বজুৰি ৫০০ কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিছে।
২৯ জানুৱাৰী দেওবাৰে চিনেমাখনে ভাৰতত সংগ্ৰহ কৰিছে ৭০ কোটি টকা।শ্বাহৰুখ খানৰ ‘পাঠান’খন ২৫ জানুৱাৰীত চিত্ৰগৃহত মুক্তি পাইছিল।এই স্পাই থ্রিলাৰখনৰ প্ৰধান চৰিত্ৰত দীপিকা পাণ্ডুকন আৰু জন আব্রাহামো আছে।ব্যৱসায় বিশ্লেষক ৰমেশ বালাৰ মতে, ‘পাঠান'-এ মুক্তিৰ প্রথম সপ্তাহটোত প্রায় ৫৫০ কোটি টকা উপাৰ্জন কৰিছে।
উল্লেখযোগ্য যে,ছবিখনে প্ৰথম দিনাই ৫৫ কোটিতকৈ অধিক উপাৰ্জন কৰি সকলোকে আচৰিত কৰিছিল।এই ছবিখনৰ উপাৰ্জনে বলীউডক পুনৰুজ্জীৱিত কৰিছে।
Comments