গুৱাহাটী,৩১ ফেব্ৰুৱাৰী:ডিব্ৰুগড়ত সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লোক নিৰ্মাণ বিভাগে স্ব-অধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ১১ কোটি টকাৰে ২০২০-২০২১ বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা ফুট অভাৰব্ৰীজখন ৰাইজৰ বাবে মুকলি কৰে৷
প্ৰায় ডেৰটা বছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখৰ ফুট অভাৰব্ৰীজখন সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।
এই অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, অশোক সিংঘাল, সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ আৰু ছাত্ৰ- ছাত্ৰীৰ উপস্থিতিত অত্যাধুনিক ফুট অভাৰব্ৰীজখন ৰাইজৰ বাবে মুকলি কৰি দিয়ে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিনৰ পৰাই এই ফুট অভাৰব্ৰীজখন নিৰ্মাণৰ দাবী কৰি আহিছিল ৷ সেয়েহে ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে হিমন্ত বিশ্ব শৰ্মাই ফুট অভাৰব্ৰীজখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰাপাৰ হোৱাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে দীৰ্ঘদিনে যি বিপদসংকুল যাত্ৰা কৰিছিল, তাৰ এক স্থায়ী সমাধান হ’ল ।
Comments