Cartoon
View Older
গুৱাহাটী, ৩১ জানুৱাৰীঃ আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে মঙলবাৰে ভাৰতৰ বিকাশ ২০২২ চনৰ ৬.৮ শতাংশৰ পৰা ২০২৩ চনত ৬.১ শতাংশ হ'ব বুলি অনুমান কৰিছে, যদিও ২০২৩ আৰু ২০২৪ চনত ভাৰত অৰ্থনৈতিক দিশত দ্ৰুতগতিত বিকশিত হৈ থাকিব বুলি উল্লেখ কৰে। আন্তৰ্জাতিক সংস্থাটোৱে মঙলবাৰে ৱৰ্ল্ড ইকনমিক আউটলুকৰ জানুৱাৰী আপডেট মুকলি কৰে, যাৰ তথ্য অনুসৰি ২০২২ চনত বিশ্বব্যাপী বিকাশ আনুমানিক ৩.৪ শতাংশৰ পৰা ২০২৩ চনত ২.৯ শতাংশলৈ হ্ৰাস হ'ব বুলি অনুমান কৰিছে, ইয়াৰ পিছত ২০২৪ চনত ৩.১ শতাংশলৈ বৃদ্ধি হ'ব।
প্ৰতিবেদন অনুসৰি, ২০২২ চনত আশা কৰাতকৈ গভীৰ মন্দাৱস্থাৰ পিছত ২০২৩ আৰু ২০২৪ চনত উদীয়মান আৰু বিকাশশীল এছিয়াৰ বিকাশ ক্ৰমান্বয়ে ৫.৩ শতাংশ আৰু ৫.২ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
Comments