গুৱাহাটী, ৩১ জানুৱাৰীঃ ইউনিভাৰ্চিটি অফ চাইন্স এণ্ড টেকনোলজি মেঘালয় (ইউ এছ টি এম)ৰ খেলপথাৰত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল (মহিলা) আৰু দবা (মহিলা) প্ৰতিযোগিতা ২০২২-২৩ ৰ সফল সামৰণি পৰে। নতুন দিল্লীৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটি (এ আই ইউ)ৰ তত্বাৱধানত ইউ এছ টি এমে এই আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰিছিল। ৰেফাৰী, ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে খেলুৱৈসকলক বঁটাসমূহ প্ৰদান কৰে। মহিলাৰ খেল দুখনত পূব মণ্ডলৰ অন্তৰ্গত মুঠ ২৬ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
খেলুৱৈসকলক উদ্দেশ্যি আচাৰ্য মহবুবুল হকে কয় যে, "বিশ্ববিদ্যালয়খনে শিক্ষাৰ লগতে ক্ৰীড়াৰ বিকাশত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, ,"আপোনালোকক এই কথা ক'বলৈ পাই মই আনন্দিত হৈছো যে ইউ এছ টি এমে শেহতীয়াকৈ এখন ক্ৰীড়া গাঁৱৰ বিকাশৰ বাবে ১০০ একৰ ভূমি অধিগ্ৰহণ কৰিছে।"
হেণ্ডবল প্ৰতিযোগিতাখনত মুঠ ২৮ টা দলে প্ৰৱেশিকা প্ৰেৰণ কৰিছিল আৰু ২২ টা দলে অংশগ্ৰহণৰ বাবে আহিছে, য'ত প্ৰশিক্ষক আৰু মেনেজাৰৰ লগতে ৩৯২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এ আই ইউৰ নিয়ম আৰু মানদণ্ড অনুসৰি খেলসমূহ অনুষ্ঠিত হৈছে। আটাইকেইটা দলক চাৰিটা পুলত ভাগ কৰা হৈছে আৰু নকআউট ৰাউণ্ডৰ বাবে ১৮ খন মেচ অনুষ্ঠিত হৈছে। তাৰ পাছত পুলৰ শীৰ্ষস্থান দখল কৰা দলটোৱে স্থান নিশ্চিত কৰিবলৈ ৬ খন লীগ মেচ খেলিবলৈ আগবাঢ়ি যায়। হেণ্ডবল টুৰ্ণামেণ্টত ভি পি এছ ইউ জৌনপুৰ দল বিজয়ী আৰু কলকাতা বিশ্ববিদ্যালয় ৰানাৰ্ছ আপ হয়। তৃতীয় স্থানত আছিল মণিপুৰ বিশ্ববিদ্যালয়, চতুৰ্থ স্থানত আছিল এইচ ৱাই বিশ্ববিদ্যালয় দুৰ্গ।
দবা প্ৰতিযোগিতাখনত ২২ টা দলে অংশগ্ৰহণ কৰে। প্ৰথম স্থান আদামাছ বিশ্ববিদ্যালয়, দ্বিতীয় স্থান কলকাতা বিশ্ববিদ্যালয়, তৃতীয় স্থান যাদৱপুৰ বিশ্ববিদ্যালয় আৰু চতুৰ্থ স্থান অটল বিহাৰী বাজপেয়ী বিশ্ববিদ্যালয়ৰ। ব'ৰ্ড ১ ৰ বিজয়ী আছিল আদামাছ বিশ্ববিদ্যালয়ৰ অৰ্পিতা মুখাৰ্জী, ব'ৰ্ড ২ ৰ বিজয়ী আছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অংগিৰা চৌধুৰী, ব'ৰ্ড ৩ ৰ বিজয়ী আছিল আদামাছ বিশ্ববিদ্যালয়ৰ দিয়া চৌধুৰী আৰু ব'ৰ্ড ৪ ৰ বিজয়ী আছিল আদামাছ বিশ্ববিদ্যালয়ৰ অস্মিতা দাস।
ড০ কংকন জ্যোতি শৰ্মা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজক সম্পাদক আছিল আৰু সুভাষ লিম্বুয়ে চেছ প্ৰতিযোগিতাৰ আয়োজক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দবা আৰ্বিটাৰসকলৰ ভিতৰত আছে প্ৰণৱ কুমাৰ নাথ, মণিমালা সিনহা, হোমেন চন্দ্ৰ ৰাভা আৰু পৰেশ ৰাজবংশী। হেণ্ডবল প্ৰতিযোগিতাৰ বাবে মনোনীত ৰেফাৰী আছিল ৰজাক আলী, সৌৰভ ভগত, আশিক আলী ৱাৰিছ, সমীৰুজ আলী, মামু খনিকৰ বেগম, নব বৰ্মন, ৰূপম চৌধুৰী, চম্পা লস্কৰ, জিবেন সিং, দুলু দাস, সূৰ্য্য থাপা, উত্পল ডেকা, সিদ্ধাৰ্থ বৰ্মন (টেক অফিচিয়েল) আৰু ডo সূৰ্যকান্ত পাল (মেচ অফিচিয়েল)।
Comments