গুৱাহাটী,৩১ জানুৱাৰী:বিশিষ্ট সমাজকর্মী, জি.এল . পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী,আমাৰ অসম আৰু পূর্বাঞ্চল প্ৰহৰী বাতৰি কাকতৰ পৰিচালন সঞ্চালক তথা বৰপেটাৰােডৰ সু - সন্তান জি,এল আগৰৱালাৰ আজি চতুৰ্থ মৃত্যু বাৰ্ষিকী । বৰপেটাৰোড সাহিত্য সভা ভৱনত বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো এক স্মৃতিচৰণ সভাৰ আয়োজন কৰা হয়।
জি এল আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে। তেওঁ ভাষণত কয়- ইতিমধ্যে নিৰ্মান সম্পূৰ্ণ হোৱা জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব । আজিৰ স্মৃতি চাৰণ সভাত বৰপেটাৰোডৰ জি এল আগৰৱালাৰ পৰিয়ালৰ হৈ ৰঞ্জিত আগৰৱালা, মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি লক্ষীকান্ত মহেশ্বৰী,প্ৰাক্তন বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু ভৰালী, বৰপেটাৰোডৰ আমাৰ অসমৰ সংবাদদাতা অঞ্জন জ্যোতি নাথৰ লগতে বৰপেটাৰোড প্ৰেছ ক্লাব, অম্বিকাগিৰী সংঘ, বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি,শংকৰ মাধৱ কলাকৃষ্টি বিকাশ সংঘ, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা, বৰপেটাৰোড শিল্পী সমাজ, সাংস্কৃতিক গোষ্টী, অনুভূতি, অনিল মোজাম্মিল সংঘ, যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ বৰপেটা ৰোড ব্যৱসায়ী সন্থা, বৃহত্তৰ মাৰোৱাৰী যুৱমঞ্চ, মাৰোৱাৰী সন্মিলন, লায়ন্স ক্লাব,পতঞ্জলী, কল্যাণ আশ্ৰম, পৌৰ ব্যৱসায়ী সন্থাৰ কৰ্মী সকল উপস্থিত থাকে ।
Comments