Cartoon
View Older
গুৱাহাটী, ৩০ জানুৱাৰীঃ দেওবাৰে মাজুলীত এক জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হৈছে, য'ত এগৰাকী ১৩ বছৰীয়া কিশোৰী দুটা লম্পটৰ কামনাৰ বলি হ'ব লগা হয়। ঘটনা অনুসৰি, মাজুলীৰ জোৰবিলত এই ধৰ্ষণকাণ্ড সংঘটিত হৈছে। য'ত নাবালিকাজনীৰ শৰীৰত কেইবাটাও আঘাতৰ চিন পোৱা গৈছে। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কিশোৰীজনীক জেএমচিএইছ লৈ যোৱা হয়।
ইপিনে, ভুক্তভোগী নাবালিকাজনীৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মানস ভৰালী আৰু ৰাতুল ভৰালী নামৰ দুয়োজন অভিযুক্তক আটক কৰে। বৰ্তমান দুই ধৰ্ষণকাৰীৰ বিৰুদ্ধে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Comments