গুৱাহাটী,৩০ জানুৱাৰী : নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াভাৱে আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ বৃদ্ধি কৰি তুলিছে। ঘাইকৈ জিলাখনৰ উত্তৰ-পশ্চিম প্রান্তৰ একাংশ গ্রামাঞ্চলত অসাধু চক্ৰই ঘাটি স্থাপনেৰে এই সামগ্ৰীৰ বেহা নিবিঘ্নে অব্যাহত ৰাখিছে। ইয়াৰ মাজতে দেওবাৰে জিলাখনৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন ৰামপুৰ সত্ৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত ঔষধসহ এটা অসাধু ব্যৱসায়ী কৰায়ত্ত হোৱা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত খবৰ মতে এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষীয়ে ৰামপুৰ সত্ৰৰ এজন লোকৰ ঘৰত অতর্কিতে অভিযান চলাই ১৬ টা কফ ছিৰাফৰ বটলৰ সৈতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজন হৈছে ৰামপুৰ সত্ৰৰ আব্দুল জলিল (৩৫)। আচলতে ধৃত আব্দুল জলিল এখন ফার্মটীৰ স্বত্বাধিকাৰী আৰু তেওঁ এই কফ ছিৰাফৰ বটলবোৰ ফাৰ্মাচীৰ পৰা কিছু নিলগত থকা এটা পানীৰ টেংকিত লুকুৱাই ৰাখিছিল। বৰ্তমান অসাধু ব্যৱসায়ী আব্দুল জলিলক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Comments