গুৱাহাটী,৩০ জানুৱাৰী:ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ মৃত্যু ৷ গুলীবিদ্ধ হৈ মৃত্যু হয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷ দেওবাৰে দিনৰ ভাগত এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি কৰিছিল গুলীচালনা ৷ ঘটনা সংঘটিত হোৱাৰ পিচতেই ততাতৈয়াকৈ লৈ যোৱা হৈছিল চিকিৎসালয়লৈ ৷ চিকিৎসাধীন অৱস্থাতে সন্ধিয়া প্ৰায় ৭.৩০ বজাত মৃত্যু হয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷
উল্লেখ্য যে, এখন ৰাজহুৱা সভাত অংশ গ্ৰহণৰ বাবে যোৱা সময়তে ওড়িশাৰ গান্ধী চ'কত সংঘটিত হৈছিল এই ঘটনা ৷ বাৰাজৰাজনগৰত এক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে গৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকী ৷ গাড়ীৰ পৰা নমাৰ সময়তে গোপাল দাস নামৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকে কৰিছিল গুলীচলনা ৷ঘটনা সংঘটিত হোৱাৰ পিচতেই আটক কৰা হৈছিল গুলীচালনা কৰা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক ৷
স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি ৫ জাঁই গুলী নিক্ষেপ কৰিছিল আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে ৷ গুলীচালনাত আহত হৈছিল এগৰাকী স্থানীয় যুৱকৰ লগতে এগৰাকী আৰক্ষী বিষয়াও ৷ ইফালে, ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰান্সে চলোৱা তদন্তত গুলীচালনা কৰা আৰক্ষী উপ-পৰিদৰ্শক গোপাল দাস মানসিক ৰোগত ভুগি থকা বুলি জানিব পৰা গৈছে ৷ গোপাল দাসৰ পত্নীয়ে তদন্তকাৰী বিষয়াক অৱগত কৰিছে এই তথ্য ৷ বিগত কিছুদিন ধৰি গোপাল দাসে ঔষধ সেৱন কৰি থকা বুলিও সদৰী কৰিছে তেওঁৰ পত্নীয়ে ৷আনহাতে, চিকিৎসকে জনোৱা তথ্য অনুসৰি এটা গুলীয়ে ভেদি গৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বুকু ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ হৃদপিণ্ডত আঘাত কৰিছিল গুলীয়ে ৷ ফলত হৈছিল অতিৰিক্ত ৰক্তক্ষয় ৷ দিনৰ প্ৰায় ১২.৩০ বজাত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷
Comments